অসম লাইভ২৪ঃ বিবাহৰ পূৰ্বে প্ৰায় ছবছৰৰ প্ৰেম৷ ২০১৫ চনত গোপনে আঙুঠি পিন্ধোৱা৷ তাৰপিছতেই ২০১৮ চনৰ নৱেম্বৰ মাহত দুয়োৱে বিবাহপাশত আৱদ্ধ হয়৷ ঠিকেই পঢ়িছে, এই কাহিনী দীপিকা পাডুকন আৰু বলীউড অভিনেতা ৰণবীৰ সিঙৰ৷ বিগত বছৰত নিজৰ পঞ্চম বিবাহবাৰ্ষিকী পালন কৰিছে দীপিকা-ৰণবীৰে৷ দাম্পত্য জীৱন দুয়োৰে বেছ চকুত লগা যদিও মাজে মাজে একাংশ নেটিজেনে চৰ্চা কৰে যে, কিয় এতিয়ালৈকে ৰণবীৰ-দীপিকাৰ সন্তান নাই?
এইবাৰ দীপিকাই এই সকলোবোৰ কথাৰেই উত্তৰ দিছে৷ নতুন বছৰত পৰিয়াললৈ নতুন সদস্যক স্বাগত জনাব দীপিকাই! সম্প্ৰতি এক সাক্ষাৎকাৰত নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী দীপিকা পাডুকনে৷ দীপিকাই কয়, ‘ৰণবীৰ আৰু মই দুয়োৱেই শিশু ভালপাও৷ আমি অপেক্ষা কৰিছো আমাৰো এনে দিন আহিব, আমাৰো কোলাত শিশুৱে ওমলিব৷’
বিবাহৰ পাঁচ বছৰৰ পাছত এইবাৰ সন্তানৰ পৰিকল্পনা কৰিছে দীপিকা-ৰণবীৰে৷ দীপিকাই উপলব্ধি কৰিছে, তেওঁলোকৰ কোলালৈ সন্তান এটা অহাটো খুবেই জৰুৰী৷ সাফল্যৰ চূড়াত থকা দীপিকা-ৰণবীৰে দেশৰ লগতে আন্তৰ্জাতিক স্তৰতো নিজৰ নাম খ্যাতিৰ চাপ ৰাখিবলৈ সক্ষম হৈছে৷ দীপিকাই এই সন্দৰ্ভত কয়, ‘আমি পেছাৰ খ্যাতি, আৰু যশৰ ভীৰত নিজক হেৰুৱাই পেলাইছো৷ আমাৰ পৰিয়ালৰ কোনো সদস্যৰ ঘৰলৈ গ’লে কিন্তু আমি নিজকে তাৰকা ফিল নকৰো৷ আমাক প্ৰায়েই পৰিয়ালৰ লোকে সন্তানক লৈ প্ৰশ্ন কৰে৷ মইয়ো ভাৱিছো, ৰণবীৰ আৰু মোৰ সন্তান এটা আহক আৰু তাৰ মাজত আমি আমাৰ দুয়োৰে বৈশিষ্ট্য যাতে দেখা পাওঁ৷’
উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কি ৰাসলীলা’ ছবিৰ শ্বুটিঙৰ সময়তে মিলিত হৈছিল ৰণবীৰ-দীপিকা৷ তাৰপিছতেই এজনে আনজনৰ প্ৰেমত পৰে৷ প্ৰায় ছবছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত বিবাহপাশত আৱদ্ধ হয় দুয়োৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ