দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল-১ৰ ভাঙি পৰিল ছাদ৷
ছাদ ভাঙি আহত হৈছে কেইবাগৰাকীও যাত্ৰী৷
শুকুৰবাৰে পুৱা টাৰ্মিনেল ১ৰ ছাদ সম্পূৰ্ণৰূপে ভাঙি পৰিল এখন বাহনৰ ওপৰত৷
এই দুৰ্ঘটনাত ৬ জন লোক আহত হোৱা বুলি তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে।
টাৰ্মিনেল-১ত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷
আহত আটাইকেইগৰাকী ব্যক্তিক ভৰ্তি কৰোৱা হৈছে হাস্পতালত বুলিও প্ৰকাশ পাইছে তথ্য৷
৩ খন অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ