দুৰ্নীতি গোচৰত ১০ বছৰৰ কাৰাাবাস খাটি তিহাৰ জে’লৰপৰা মাত্ৰ ১০ মাহ পূৰ্বে কাৰামুক্ত হোৱা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰসাদ চৌতালাই পুনৰ ৪ বছৰৰ কৰাবাসৰ দণ্ড লাভ কৰিছে৷
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌতালাক অসামঞ্জস্য সম্পত্তি সংগ্ৰহ কৰাৰ অপৰাধত আৰু চাৰি বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে।
শুকুৰবাৰে দিল্লীৰ চিবিআইৰ বিশেষ আদালতে ৮৭ বছৰীয়া জাট নেতাগৰাকীক ৫০ লাখ টকা জৰিমনা আদায় দিয়াৰ লগতে চাৰিটা সম্পত্তি জব্দ কৰাৰো নিৰ্দেশ দিয়ে।
লগতে পঢ়ক সাৱধান! প্ৰস্ৰাৱেৰে বীয়েৰ প্ৰস্তুত! কোন প্ৰতিষ্ঠানে কৰে এই কাম?
১৯৯৩ চনৰ পৰা ২০০৬ চনৰ ভিতৰত তেওঁ লাভ কৰা সম্পত্তিৰ পৰিমাণ তেওঁৰ আয়ৰ সমানুপাতিক নাছিল বুলি অভিযোগ কৰিছে চিবিআইয়ে। আয়ৰ সৈতে সংগতিহীন প্ৰায় ৬ কোটি ৯ লাখ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি খতিয়ান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আদালত পেচ কৰা হৈছিল৷
এই গোচৰত বৃহস্পতিবাৰে আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰী চৌতালাক দোষী সাব্যস্ত কৰিছিল। আজি শুকুৰবাৰে আদালতে চৌতালাৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছে।
উল্লেখ্য যে হাৰিয়ানাত শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত ২০১৪ চনত চৌতালা আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ অজয়ক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ২০০০ চনত হাৰিয়ানাৰ ৩২১৬ জন কনিষ্ঠ শিক্ষকক অবৈধভাৱে নিযুক্তি দিয়াৰ গোচৰত দোষী সাব্যস্ত হোৱা চৌতালাক বয়সৰ বাবে জুলাই মাহত তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ