আপুনি বীয়েৰ পান কৰে নেকি? যদি বীয়েৰ পান কৰে তেনে আপুনি অলপ সতৰ্ক হোৱাৰ অতি প্ৰয়োজন৷
অৱশ্যে আপুনি ভাৰতত বীয়েৰ পান কৰোতে সিমান চিন্তা কৰিবলগা হোৱা নাই৷ যদি আপুনি ছিংগাপুৰৰ ভ্ৰমণলৈ গৈছে আৰু তাতে বীয়েৰ পান কৰাৰ কথা ভাবিছে, তেনে আপুনি সতৰ্ক হোৱাটো অতীৱ দৰকাৰী৷
কাৰণ ছিংগাপুৰৰ এটা বীয়েৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বীয়েৰ প্ৰস্তুতকৰণে আপোনাৰ চকু কপালত তুলিব৷ হয়, ছিংগাপুৰৰ এটা বীয়েৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে মানুহৰ প্ৰস্ৰাৱ আৰু নলা-নৰ্দমাৰ পানীৰে বীয়েৰ প্ৰস্তুত কৰিছে৷
লগতে পঢ়ক কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ
ছিংগাপুৰৰ ‘নিউব্ৰু’ নামৰ ব্ৰেণ্ডটোৱে এইদৰে বীয়েৰ আৰু ৱাইন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে প্ৰতিষ্ঠানটোৱে বীয়েৰ আৰু ৱাইন প্ৰস্তুত কৰোতে প্ৰস্ৰাৱ আৰু নলা-দৰ্মাৰ পানীবোৰ পৰিশোধিত কৰি লোৱা হয় বুলি দাবী কৰিছে৷
প্ৰতিষ্ঠানটোৱে দাবী কৰিছে যে এই বীয়েৰ তথা ৱাইনটোৱেই হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ পৰিৱেশ অনুকূল। কাৰণ এই প্ৰক্ৰিয়াত পানীৰ অপচয় বহু পৰিমাণে হ্ৰাস পায়।
প্ৰায় ৯০ শতাংশ বিয়েৰেই পানী। কোম্পানীটোৱে দাবী কৰিছে যে এই পানীৰ মূল উপাদানটো ‘নিউটাৰ’ নামৰ পানীৰ পদাৰ্থ যিটো নলা-নৰ্দমাৰ পানী বিশুদ্ধ কৰি তৈয়াৰ কৰা হৈছে। কিন্তু বহু পৰীক্ষণৰ পিছতহে এই উপাদানক পানীয় হিচাপে ব্যৱহাৰ কৰা হয় বুলি কোম্পানীটোৱে দাবী কৰিছে।
লগতে পঢ়ক বিশ্বৰ কণিষ্ঠতম বিলিয়নাৰগৰাকী কোন? জানো আহক তেওঁ কোন?
কিন্তু হঠাতে তেওঁলোকে পৰম্পৰাগত পদ্ধতিটো এৰি উৎপাদনৰ ইমান অদ্ভুত পদ্ধতি কিয় বাছি ল’লে?
কোম্পানীটোৱে দাবী কৰিছে যে ছিংগাপুৰত খোৱাপানীৰ সমস্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। সেয়েহে তেওঁলোকে পানীৰ অপচয় হ্ৰাস কৰাৰ লগতে সাধাৰণ জনতাক এই বিষয়টোৰ প্ৰতি সজাগ কৰাৰ বাবে এই অভিনৱ পদ্ধতি বাছি লৈছে।
কোম্পানীটোৰ বিষয়াসকলে দাবী কৰিছে যে ছিংগাপুৰৰ সকলো প্ৰধান সুৰাৰ দোকান আৰু বাৰতে এই সুৰা উপলব্ধ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ