উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!
চিবিআই গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৫ জুলাইলৈ বৃদ্ধি কৰিছে ৰাউছ এভিনিউ আদালতে। ইডিয়ে দাখিল কৰা অভিযোগনামাখনৰ পৰৱৰ্তী শুনানি ২৫ জুলাইত ৰাউজ এভিনিউ আদালতত অনুষ্ঠিত হ’ব।
উচচতম ন্যায়ালয়ে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতিৰ অভিযোগ উত্থাপিত কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰৰ বাবে তেওঁ এতিয়াও জেলত থাকিব।
আবকাৰী নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ২৬ জুনত চিবিআইয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া চিবিআই গোচৰত অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে।
ইয়াৰ পূৰ্বে ইডিয়ে দাখিল কৰা অভিযোগনামাক ৰাউজ এভিনিউ আদালতে খবৰ লোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হয়। আদালতে আটাইকেইজন অভিযুক্তৰ বাবে প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰিছিল । অধিবক্তা বিক্ৰম চৌধুৰীয়ে কয় যে এই গোচৰত আপক অভিযুক্ত হিচাপে মাতি অনা হৈছে। আদালতে কেজৰিৱালৰ অধিবক্তাক অভিযোগ পত্ৰৰ কপি আৰু অভিযোগ পত্ৰৰ সৈতে জড়িত নথি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।
অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৫ জুলাইলৈ বৃদ্ধি হোৱাৰ পিছত আপ নেতা সঞ্জয় সিঙে বিজেপিক লক্ষ্য কৰি লৈছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘আপুনি মিছা গোচৰ ৰুজু কৰি কিমান দিনলৈ সত্যক কাৰাগাৰত বন্দী কৰি ৰাখিব মোডী জী, সমগ্ৰ দেশে আপোনাৰ একনায়কত্ববাদক চাই আছে? ই ডি ক’ৰ্ট হওক বা উচ্চতম ন্যায়ালয় হওক, সকলোৱে একমত। অৰবিন্দ কেজৰিৱালক মিছাকৈ জড়িত কৰিছে ইডিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ