দিল্লীয়ে কেতিয়াকৈ পাব নতুন মুখ্যমন্ত্ৰী, কাৰ নাম তালিকাৰ শীৰ্ষত, শপত গ্ৰহণৰ তাৰিখ সদৰি
ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে আম আদমি পাৰ্টিক পৰাস্ত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়ে। অৰবিন্দ কেজৰিৱালক পৰাজিত কৰি বৃহৎ বিজয় সাব্যস্ত কৰে বিজেপিয়ে।
পাছে বৰ্তমানলৈ বিজেপিয়ে সদৰি কৰা নাই কোন হব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ দৌৰত কেইবাগৰাকী নেতাৰ নাম। মুখ্যমন্ত্ৰীৰ নাম ঠাৱৰ নহলেও ৰাজধানী দিল্লীত চৰকাৰ গঠন সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে।
যদিহে সূত্ৰক সঁচা হয়, তেন্তে ২০ ফেব্ৰুৱাৰীত দিল্লীৰ ৰামলীলা মৈদানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া ৪.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। শপতগ্ৰহণৰ বাবে ৰামলীলা ময়দানত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে।
শপতগ্ৰহণৰ বাবে ৩খন মঞ্চ নিৰ্মাণ কৰা হ’ব। এখন মঞ্চত শপত গ্ৰহণ কৰিবলগীয়া নেতা সকল আৰু প্ৰধানমন্ত্ৰী মোডী আৰু নতুন মুখ্যমন্ত্ৰী। আনহাতে দ্বিতীয় মঞ্চত থাকিব বিজেপি আৰু এন ডি এৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বাবে। আনহাতে তৃতীয় মঞ্চত সন্ত আৰু ঋষি সকলৰ বহিবলৈ ঠাই থাকিব। মঞ্চত ১৫০খন চকী স্থাপন কৰা হ’ব। একে সময়তে সাধাৰণ জনতাই বহিব পৰাকৈ ৩০ হাজাৰ চকী ৰখা হ’ব।
কিন্তু বিশেষ কথাটো হল, কেতিয়ালৈ ঘোষণা হব নতুন মুখ্যমন্ত্ৰীৰ নাম। নিৰ্বাচনত জয়ী হোৱাৰ ১০-১৫ দিনৰ পিছতহে মুখ্যমন্ত্ৰী পদৰ সিদ্ধান্ত লোৱাটো এতিয়া বিজেপিত এটা ধাৰা হৈ পৰিছে। যি ধাৰা ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত দেখা পোৱা গৈছিল। এতিয়া দিল্লীতো নির্বাচনৰ ফলাফলৰ ১২ দিনৰ পাছত ঘোষণা হ’ব নতুন মুখ্যমন্ত্রী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ