অসম লাইভ২৪ঃ ৩১ ডিচেম্বৰৰ নিশা দিল্লীৰ ৰাজপথত এগৰাকী যুৱতীক গাড়ীৰ পিছফালে বান্ধি চোঁচৰাই নি নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতেই দিল্লীৰ উপ-ৰাজ্যপালে এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ২০২২ৰ শেষ নিশা দিল্লীৰ কাঞ্জাৱালা-চুলতানপুৰী পথত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। জানিব পৰা মতে, ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত এগৰাকী যুৱতীয়ে নিশা কাম সম্পাদন কৰি স্কুটীৰে ঘৰলৈ ওভতাৰ পথতে এখন চাৰিচকীয়া বাহনৰ সৈতে এক দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাৰ পিছতে বাহনখনত থকা সুৰাসক্ত ৫ যুৱকে যুৱতীগৰাকীক গাড়ীৰ পিছফালে ৰচীৰে বান্ধি ৪ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যায়।
এই ঘটনাত শৰীৰৰ কেইবা ঠাইতো গুৰুতৰ আঘাত লাভ কৰি পথৰ ওপৰতে মৃত্যুক আঁকোৱালী লয় যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ মৃত্যুৰ পিছতে সেই স্থানৰ পৰা গাড়ীসহ পলায়ন কৰে পাষণ্ড ৫ যুৱকে। এই ঘটনা সন্দৰ্ভত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্কুটীৰ নম্বৰৰ জৰিয়তে যুৱতীগৰাকীক চিনাক্ত কৰিছে।
ইফালে আৰক্ষীয়ে চাৰিচকীয়া বাহনখনৰ নম্বৰৰ জৰিয়তে অভিযুক্তক চিনাক্ত কৰি ৫জন যুৱকক গ্ৰেপ্তাৰ কৰে। লগতে ঘটনাৰ চিচিটিভি ফুটেজৰ জৰিয়তেই সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। শনিবাৰৰ এই লোমহৰ্ষক ঘটনাত শোকপ্ৰকাশ কৰি দিল্লীৰ এলজি ভি কে ছাক্সেনাই টুইটযোগে কয়, ‘অপৰাধীৰ এনে দানৱীয় কাণ্ডত স্তম্ভিত হৈ পৰিছো। কাঞ্জাৱালা-চুলতানপুৰীৰ অমানৱীয় অপৰাধত মোৰ লাজত মূৰ দো খাই পৰিছে৷ অপৰাধীৰ এই কাৰ্যই মোক স্তম্ভিত কৰি তুলিছে। মই দিল্লীৰ আৰক্ষী আয়ুক্তৰ সৈতে সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছো৷ অভিযুক্তকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। সকলো দিশৰে পৰাই তদন্ত চলি আছে। মহিলাগৰাকীৰ পৰিয়ালক চৰকাৰীভাৱে আমি পাৰ্যমানে সহায় কৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ