অসম লাইভ২৪ঃ এটা বিল্ডিঙৰ পৰা আন এটা বিল্ডিঙলৈ জপিয়াবলৈ গৈ মৃত্যুক সাবটি লৈছে এজন যুৱকে৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে সংঘটিত হৈছে এই ঘটনা৷ নৱবৰ্ষ পালন কৰিবলৈ গৈ উচ্ছাহতে এটা ৪ মহলীয়া বিল্ডিঙৰ পৰা আনটো ৪ মহলীয়া বিল্ডিঙলৈ জপিয়াইছিল যুৱকজনে৷
বাংগালুৰুৰ কোট্টিগেপালীয়া অঞ্চলত নৱবৰ্ষ উদযাপনৰ সময়তে সংঘটিত হৈছে এই ঘটনা৷ যুৱকজনৰ নাম চন্দ্ৰকান্ত ওৰফে বাপি৷ ৩০ বছৰীয়া বাপি আছিল উৰিষ্যাৰ বাসিন্দা৷ বাংগালুৰুৰ এটা বেগৰ কাৰখানাত কৰ্মৰত আছিল যুৱকজন৷ বাপিৰ সৈতে তেওঁৰ ভাতৃও একেলগে থাকে৷ লগালগিকৈ থকা দুটা ৪ মহলীয়া অট্টালিকাৰ এটাত বাপিহঁত থাকে আনটোত তেওঁলোকৰ বন্ধু৷ বন্ধুৰ সৈতে একেলগেই নৱবৰ্ষ উদযাপন কৰিছিল বাপি আৰু তেওঁৰ ভাতৃয়ে৷
কিন্তু উছাহৰ মাজতে অনাকাংশিত ঘটনাটো ঘটিল৷ বাপিয়ে সুৰাপান কৰি আনটো বিল্ডিঙত থকা বন্ধুৰ ঘৰলৈ যাবলৈ তেওঁৰ বিল্ডিঙটোৰ চাদৰ পৰা জাপ দিয়ে৷ মাত্ৰ তিনি ফুট দূৰত্ব আনটো বিল্ডিঙলৈ৷ সুৰামত্ত অৱস্থাতেই জাপ দিওতে তললৈ পৰি যায় যুৱকজন৷ গুৰুতৰভাৱে আহত বাপিক চিকিৎসালয়লৈ লৈ যায় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু হয় বাপিৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ