অসম লাইভ২৪ঃ কাৰ্বি আংলঙত ডেংগুৱে লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানলৈকে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬ জনৰ। আক্ৰান্ত হৈছে ৩০৮ গৰাকীকৈ লোক। ডেংগুৰ ভয়াৱহ সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। কাইলৈৰ পৰা ১২ নৱেম্বৰলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান।
ডেংগু প্ৰতিৰোধৰ মিছন লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, ৰাজ্যিক মিছনৰ সঞ্চালক IAS ডাঃ এম, এছ, লক্ষ্মীপ্ৰিয়াই দেওবাৰ বিয়লীৰে পৰা ডিফুত বাহৰ পাতি পৰিস্থিতিৰ পৰ্য্যালোচনা কৰিছে। অতিৰিক্ত শিক্ষা সঞ্চালক কাৰ্বি আংলং আৰু পৰিদৰ্শকৰ নিৰ্দেশ মৰ্মে ডিফু পৌৰসভা বৰ্ডৰ অন্তৰ্গত সকলো চৰকাৰী বেচৰকাৰী ব্যক্তিগত প্ৰাথমিক, বিদ্যালয় মহাবিদ্যালয় সমুহ কাইলৈৰ পৰা ১২ তাৰিখলৈ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ