অসম লাইভ ২৪ঃ ধন তেৰছত মহানগৰীত সোণ-ৰূপ বিক্ৰীত অভিলেখ। ধনতেৰছত মহানগৰীত এদিনতে কোটিৰ ঘৰত বিক্ৰী হৈছে গহনা।
ৰীতি অনুসৰি ধনতেৰছত সোণ, ৰূপ জাতীয় ধাতু, ঝাড়ু আজি ক্ৰয় কৰা হয়। অতীজৰে পৰাই চলি আহিছে এই পৰম্পৰা। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কেৱল মহানগৰীৰ অলংকাৰৰ বিপনীসমূহতেই বিক্ৰী হৈছে কেইবা কোটি টকাৰ অলংকাৰ।
মহানগৰীৰ এম পি জুৱেলাৰ্ছ, এল গোপাল জুৱেলাৰ্ছ, ৰিলায়েন্স জুৱেলাৰ্ছ, ৰত্নাঞ্জলী জুৱেলাৰ্ছ, মানিক চান্দ জুৱেলাৰ্ছ আদিকে ধৰি আগশাৰীৰ বিপনীকেইখনত বিক্ৰীয়ে গঢ়িছে অভিলেখ। পূৰ্বৰ তুলনাৰ বিক্ৰীৰ হাৰ বৃদ্ধি হোৱা বুলিও জনাইছে বিপনীকেইখনে।
কেৱল সোণ-ৰূপৰে অলংকাৰ বৃদ্ধি হৈছে এনে নহয়। কাঁহ-পিতলকে ধৰি ঝাড়ু বিক্ৰীৰ ক্ষেত্ৰতো গঢ়িছে অভিলেখ। এদিনতেই ৰাজ্যত বিক্ৰী হৈছে ৫০ হাজাৰ ঝাড়ু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ