চকুৰ সমুখতে শেষ সকলো, জ্বলি গ’ল ৩০০০ৰো অধিক ব্ৰইলাৰ
মাথো কেইটামান মুহুৰ্তৰ ভিতৰতে সপোন জ্বলি চাৰখাৰ হৈ পৰে কেইবাটাও পৰিয়ালৰ। কেৱল চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰে কোনো এজনে। চকুৰ পচাৰতে জ্বলি যায় ৩০০০ ৰৰো অধিক ব্ৰইলাৰ।
এই অতিকে মৰ্মান্তিক ঘটনা সংধটিত হৈছে ধেমাজি জিলাত। কালি নিশা বজ্ৰ পৰি এইদৰে জ্বলি উঠে ব্ৰইলাৰ ফাৰ্মখন। ঘটনাটো ধেমাজি জিলাৰ গহপুৰীয়া গাঁৱৰ।
সেই গাঁৱৰে কেইবাটাও পৰিয়ালে মিলি জুলি কৰিছিল এই ব্ৰইলাৰৰ ফাৰ্ম খন। যত আছিল ৩০০০ ৰৰো অধিক ব্ৰইলাৰ। কিন্তু নিমিষতে সকলো শেষ।
তাৰ মাজতে কোনোমতে ৰক্ষা পায় দুগৰাকী লোকৰ প্ৰাণ। সেই ফাৰ্ম খনতে কৰ্মৰত আছিল দুজন লোকে। যেনেতেনে উদ্ধাৰ হয় লোকদুজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ