দেওবাৰে ইংলেণ্ডৰ মানচেষ্টাৰত অনুষ্ঠিত মহিলা T20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬ উইকেটত পৰাস্ত হোৱাৰ পিছতে টীম ইণ্ডিয়াৰ ছেমি ফাইনেললৈ উন্নীত হোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা দিছে। গ্ৰুপ অব ডেথ ৰূপে পৰিগণিত হোৱা গ্ৰুপ Aত দক্ষিণ আফ্ৰিকা,টীম ইণ্ডিয়াৰ উপৰিও আছে শক্তিশালী অষ্ট্ৰেলিয়া, বাংলাদেশ, পাকিস্তান আৰু নেদাৰলেণ্ডছ। অষ্ট্ৰেলিয়াই ৩খন খেলৰ তিনিওখনতে জয়লাভ কৰি ৬ পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে টীম ইণ্ডিয়াই ৩খন মেচৰ দুখনত জয়লাভ কৰি দ্বিতীয় স্থানত আছে। সমসংখ্যক মেচ খেলি দুখনত জয়লাভ কৰি দুৰ্বল নেট ৰান ৰেটৰ বাবে তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। কিন্তু দক্ষিণ আফ্ৰিকাৰ পৰৱৰ্তী দুখন মেচ তুলনামূলকভাৱে দুৰ্বল বাংলাদেশ আৰু নেদাৰলেণ্ডছৰ বিৰুদ্ধে আছে। ইয়াৰ বিপৰীতে টীম ইণ্ডিয়াৰ আগন্তুক মেচ দুখন আছে ২৫ জুনত বাংলাদেশ আৰু ২৮ জুনত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ছেমি ফাইনেল খেলিবলৈ হ’লে হৰমনপ্ৰীত কৌৰ বাহিনীয়ে আগন্তুক দুয়োখন মেচ যিকোনো উপায়ে জয়ী হ’বই লাগিব। কাৰণ যদিও ক্ৰিকেটত সকলো সম্ভৱ তথাপিও দক্ষিণ আফ্ৰিকাই বাংলাদেশ বা নেদাৰলেণ্ডছৰ বিৰুদ্ধে পৰাস্ত হোৱাটো অলীক কল্পনাৰ দৰে। ভাৰতে অষ্ট্ৰেলিয়া আৰু বাংলাদেশৰ বিৰুদ্ধে জয়ী হলে শক্তিশালী ৰান ৰেটৰ সুবাদত ভাৰতে ছেমিলৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰিব।
SAৰ বিৰুদ্ধে পৰাস্ত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?
বিগত কেইটামান ICC টুৰ্নামেণ্টত যেতিয়াই ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ত পৰাস্ত হৈছে তেতিয়াই চেম্পিয়নৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হৈছে টীম ইণ্ডিয়াই। কেৱল এয়াই নহয় গ্ৰুপ পৰ্যায়ত পৰাস্ত হোৱাৰ পিছত টুৰ্নামেণ্টৰ পৰৱৰ্তী মেচসমূহৰ ক্ষেত্ৰতো সতৰ্কতা বৃদ্ধি পায়। ২০১১ৰ এদিনীয়া বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত ধোনী বাহিনীয়ে পৰাস্ত হৈছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। দক্ষিণ আফ্ৰিকাৰ বিৰদ্ধে ৩ উইকেটত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। মেচখনত শচীন তেণ্ডুলকাৰে দৰ্শনীয় শতক অৰ্জন কৰিলেও টীম ইণ্ডিয়াৰ আন আন বেটাৰসকলৰ ব্যৰ্থতাৰ বাবে পৰাস্ত হৈছিল মেচখনত। ২০১১ৰ বিশ্বকাপত ইয়াৰ পিছৰ কাহিনী সকলোৱে জানে। বিগত মহিলা বিশ্বকাপতো লীগ পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হৈছিল হৰমনপ্ৰীত কৌৰ বাহিনী। কিন্তু ইয়াৰ পিছত ছেমি ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াক দুৰ্দান্ত প্ৰদৰ্শনেৰে পৰাস্ত কৰাৰ উপৰিও একেই দক্ষিণ আফ্ৰিকাক ফাইনেলত পৰাস্ত কৰি মহিলা বিশ্বকাপত প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ মুকুট পৰিধান কৰিছিল টীম ইণ্ডিয়াই। কিন্তু অনুৰাগীৰ বাবে এই সকাহৰ বিপৰীতে চিন্তাৰ কাৰণটো হৈছে উল্লেখিত এই দুয়োটা বিশ্বকাপ অনুষ্ঠিত হৈছিল ভাৰতত। ইয়াৰ উপৰিও এই দুয়োটা আছিল ৫০ অভাৰৰ বিশ্বকাপ। এই কাকতলীয়া সংযোগ পুনৰবাৰ ভাৰতৰ পক্ষে আহিবলৈ হলেও ভাৰতে জিকিব লাগিব পৰৱৰ্তী আটাইকেইখন মেচ। টুৰ্নামেণ্টখনত টিকি থাকিবলৈ ভাৰতৰ বাবে জয়ৰ বিনে নাই আন কোনো গত্যান্তৰ।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















