আজিৰে পৰা কামাখ্যা ধামত আৰম্ভ হৈছে অম্বুবাচী মেলা। ইতিমধ্যে সাধু-সন্ন্যাসীৰে ভৰি পৰিছে নীলাচলৰ বুকু। সম্পূৰ্ণ আধ্যাত্মিকতাত বিলীন হৈ পৰিছে নীলাচল পাহাৰ। সমগ্ৰ ভাৰতৰ উপৰিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা কামাখ্যা ধামলৈ ঢাপলি মেলি আহিছে সধু-সন্ত তথা ভক্তপ্ৰাণ ৰাইজ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ধাম কেৱল এটা ধৰ্মীয় স্থানেই নহয়, ই ভাৰতীয় শাক্ত সাধনা, তন্ত্ৰ উপাসনা আৰু নাৰীশক্তিৰ এক অনন্য প্ৰতীক। কামাখ্যাক ৫২টা শক্তিপীঠৰ ভিতৰত অন্যতম প্ৰধান মহাশক্তিপীঠ বুলি গণ্য কৰা হয়। ইয়াৰ সৈতে জড়িত বহু পৌৰাণিক কাহিনী, ধৰ্মীয় বিশ্বাস আৰু লোকপ্ৰবাদ যুগে যুগে প্ৰচলিত হৈ আহিছে।
সতী দেৱী আৰু শক্তিপীঠৰ পৌৰাণিক কাহিনী
হিন্দু পুৰাণ অনুসৰি সতী আছিল ভগৱান শিৱৰ পত্নী আৰু দক্ষ প্ৰজাপতিৰ কন্যা। এদিন দক্ষ প্ৰজাপতিয়ে এক বৃহৎ যজ্ঞৰ আয়োজন কৰিছিল যদিও শিৱক আমন্ত্ৰণ জনোৱা নাছিল। এই অপমান সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীত গৈ নিজৰ পিতৃৰ শিৱবিৰোধী আচৰণত ক্ষুব্ধ হৈ যোগাগ্নিত আত্মাহুতি দিয়ে। সতীৰ মৃ*ত্যুৰ পিছত শিৱই গভীৰ শোকত বিহ্বল হৈ সতীৰ দেহ কোলাত লৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত তাণ্ডৱ নৃত্য আৰম্ভ কৰে। তেতিয়া ভগৱান বিষ্ণুই সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড-বিখণ্ড কৰে যাতে ভগৱান শিৱৰ তাণ্ডৱ নৃত্য বন্ধ হয়। বিশ্বাস কৰা হয় যে সতীৰ শৰীৰৰ বিভিন্ন অংগ ভাৰতীয় উপমহাদেশৰ বিভিন্ন ঠাইত পৰিছিল আৰু সেইবোৰেই পৰৱৰ্তী সময়ত শক্তিপীঠ হিচাপে পৰিচিত হয়। প্ৰচলিত বিশ্বাস অনুসৰি কামৰূপৰ নীলাচল পাহাৰত সতী দেৱীৰ যো*নী পৰিছিল। সেইবাবে এই স্থানক যো*নীপীঠ বা মহাশক্তিপীঠ বুলি কোৱা হয়।
কামাখ্যা ধামত যো*নী পূজা কিয় কৰা হয়? শাক্ত ধামত যো*নীৰ মহত্ব কি?
শাক্ত দৰ্শনত যো*নীৰ অৰ্থ বহু গভীৰ। যো*নী মানে সৃষ্টিৰ উৎস, মাতৃত্বৰ প্ৰতীক, জীৱনৰ আৰম্ভণি, উৰ্বৰতাৰ প্ৰতীক, আদ্যাশক্তিৰ প্ৰকাশ। শাক্ত দৰ্শন অনুসৰি, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড নাৰীশক্তিৰ পৰা সৃষ্টি হৈছে। সেইবাবে যো*নীক কেৱল শৰীৰৰ এটা অংগ হিচাপে নহয়, বৰঞ্চ মহাজাগতিক সৃষ্টি শক্তিৰ প্ৰতীক হিচাপে দেখা হয়। কামাখ্যাধাম ভাৰতৰ অন্যতম প্ৰধান তান্ত্ৰিক সাধনাক্ষেত্ৰ বুলিও ধৰা হয়। তন্ত্ৰ শাস্ত্ৰ অনুসৰি, নাৰীশক্তি আৰু শিৱশক্তিৰ মিলনতেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পৰিচালনা হয়। কামাখ্যাত সাধকসকলে ধ্যান, জপ, সাধনা আৰু তান্ত্ৰিক উপাসনাৰ জৰিয়তে আধ্যাত্মিক শক্তি লাভৰ চেষ্টা কৰে। এই কাৰণেই কামাখ্যাক তন্ত্ৰৰ ৰাজধানী বুলিও কোৱা হয়।
অম্বুবাচী মেলা আৰু ঋতুস্ৰাৱৰ বিশ্বাস
প্ৰতি বছৰে চলিত সময়খিনিতে অনুষ্ঠিত হোৱা অম্বুবাচী মেলা কামাখ্যাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। লোকবিশ্বাস অনুসৰি এই সময়ত দেৱী কামাখ্যা ঋতুমতী হয়। তিনিদিন মন্দিৰ বন্ধ থাকে আৰু পূজা-অৰ্চনা স্থগিত কৰা হয়। চতুৰ্থ দিনা মন্দিৰ পুনৰ মুকলি কৰা হয় আৰু ভক্তসকলক “অম্বুবাচী প্ৰসাদ” বা ৰঙা কাপোৰ বিতৰণ কৰা হয়।
ধৰ্মীয় ব্যাখ্যাত ইয়াক পৃথিৱী মাতৃৰ উৰ্বৰতাৰ প্ৰতীক হিচাপে ধৰা হয়। এই সময়ছোৱাতে এজাক হলেও বৰষুণে ধাৰাৰ বুকু তিয়াই পেলোৱাৰ বাবে কৃষিভিত্তিক সমাজতো এই বিশ্বাসৰ সম্পৰ্ক আছে। কামাখ্যাৰ যো*নীপীঠৰ মূল তাৎপৰ্য কেৱল এটা পৌৰাণিক কাহিনীতে সীমাবদ্ধ নহয়। ই নাৰীশক্তি, মাতৃত্ব, সৃষ্টি, উৰ্বৰতা আৰু জীৱনৰ অবিৰাম ধাৰাক সন্মান জনোৱাৰ এক অনন্য সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতীক।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















