অসম লাইভ২৪ঃ ‘২৬ জানুৱাৰী বাংলাদেশত পতা অনুষ্ঠান ভাৱিছে নেকি? জনপ্ৰতিনিধি শ্বেৰমানৰ এই কথাত ভীষণ লাজ পাইছো৷ জনপ্ৰতিনিধিয়ে সদায়ে নিৰপেক্ষ মন্তব্য কৰিব লাগে৷’ বিধায়ক শ্বেৰমান আলী আহমেদৰ মিঞা মিউজিয়ামক লৈ কৰা মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতেই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই৷
দিগন্ত কলিতাই শ্বেৰমানে প্ৰকাশ কৰা মন্তব্যত ক্ষোভিত হৈ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ সমালোচনা কৰে৷ বিধায়ক কলিতাই তেওঁৰ মন্তব্যত কয়, ‘শ্বেৰমান আলীৰ মূৰৰ বিকৃতি ঘটিছে৷ তেওঁক তেজপুৰলৈ নি ভালদৰে চিকিৎসা কৰোৱাব লাগে৷ এগৰাকী বিধায়ক হিচাপে এই মন্তব্যত ভীষণ লাজ পাইছো৷’
উল্লেখ্য যে ৰাইজৰ প্ৰতিনিধি হিচাপে শ্বেৰমানে নিৰপেক্ষ মন্তব্য কৰিব লাগিছিল বুলি প্ৰকাশ কৰাৰ লগতে শ্বেৰমান আলীৰ দৰে ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ