অসম লাইভ ২৪ঃ মুম্বাইত চিকিৎসাধীন বলীউডৰ বিশিষ্ট অভিনেতা দিলীপ কুমাৰ। বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। শ্বাস-প্ৰশ্বাসজনিত কাৰণত ২৮ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দিলীপ কুমাৰক। সম্প্ৰতি মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসকৰ তত্বাৱধানত আছে ৯৮ বছৰীয়া অভিনেতা দিলীপ কুমাৰ। মঙলবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে ICUত ভৰ্তি কৰোৱা হৈছিল যদিও বৰ্তমান তেওঁৰ স্বাস্থ্যৰ কিছু সুস্থিৰ অৱস্থালৈ আহিছে। এমাহতে দ্বিতীয় বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দিলীপ কুমাৰক। সম্প্ৰতি তেখেতৰ স্বাস্থ্যৰ উন্নতি ঘটা বুলি অভিনেতাগৰাকীৰ বন্ধু ফাইজল ফাৰুকে টুইটযোগে জনাইছে। লগতে দিলীপ কুমাৰৰ সু-স্বাস্থ্যৰ কামনাৰে প্ৰাৰ্থনা জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছে ফাইজল ফাৰুকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ