অসম লাইভ ২৪ঃ ১ জুলাইৰ পৰা SBI কে ধৰি ৩টা বেংকত নিয়মৰ সালসলনি। সলনি হ’ব আৰু বহুকেইটা নিয়ম, যাৰ ফলত আপোনাৰ জীৱনত পৰিব পাৰে পোনপটীয়া প্ৰভাৱ। । আজিৰে পৰা SBIয়ে সলনি কৰিলে ATMৰ পৰা ধন উলিওৱাৰ নিয়ম। SBIৰ গ্ৰাহকে ATMৰ পৰা মাহত কেৱল ৪ বাৰহে বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব। ৪ বাৰতকৈ অধিক হ’লে প্ৰতিবাৰে GST পৰিশোধ কৰিব লাগিব ১৫ টকাকৈ। SBIৰ চেকবুকৰ ক্ষেত্ৰতো সলনি কৰা হৈছে নীতি নিয়ম। চেভিং একাউণ্ট থকাসকলে এটা বিত্তীয় বৰ্ষত কেৱল ১০ পৃষ্ঠাৰ চেকবুকহে বিনামূলীয়াকৈ লাভ কৰিব। পুনৰ ১০ পৃষ্ঠাযুক্ত চেকবুক বিচাৰিলে গ্ৰাহকে GSTৰ লগতে ৪০ টকা পৰিশোধ কৰিব লাগিব বেংকক। ২৫ পৃষ্ঠাযুক্ত চেকবুকৰ বাবে GSTৰ লগতে ৭৫ টকা ভৰিব লাগিব গ্ৰাহকে। ১০ পৃষ্ঠাৰ জৰুৰীকালীন চেকবুকৰ বাবে GSTৰ লগতে ৫০ টকা পৰিশোধ কৰিব লাগিব। ইয়াৰোপৰি, আজিৰে পৰা দাম বৃদ্ধি হ’ব কেইবাখনো বাহনৰ। অত্যধিকভাবে বৃদ্ধি পাইছে ষ্টীল, প্লাষ্টিক আৰু এলুমিনিয়ামৰ দাম। যাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে দাম বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে। জানুৱাৰী আৰু এপ্ৰিলৰ পাছত পুনৰ তৃতীয়বাৰলৈ বৃদ্ধি হ’ব বাহনৰ দাম। বেংকত কম সময়ৰ বাবে বিনিয়োগ কৰা লোকৰ ক্ষেত্ৰতো পৰিব প্ৰভাৱ। সুকন্যা সমৃদ্ধি, নেচনেল ছেভিংছ চাৰ্টিফিকেটছ বা PPFৰ সুদৰ হাৰৰ ক্ষেত্ৰতো সালসলনি হ’ব। ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা। লাৰ্নিং লাইচেঞ্চ প্ৰস্তুতৰ বাবে পৰিবহন কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব। ঘৰতে বহি লাৰ্নিং লাইচেঞ্চৰ বাবে আবেদন আৰু পৰীক্ষা দিব পাৰিব। অৱশ্যে স্থায়ী ড্ৰাইভিং লাইচেঞ্চৰ বাবে ট্ৰেকত গাড়ী চলাই দেখুৱাব লাগিব। সলনি হ’ব দুটাকৈ বেংকৰ IFSC কোড। কানাড়া বেংক আৰু ছিণ্ডিকেট বেংকৰ গ্ৰাহকে নতুনকৈ ল’ব লাগিব IFSC কোড। আয় কৰৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণ। আয় কৰ দাখিল নকৰিলে ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ TDS। প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ দাম নিৰ্ধাৰণ কৰে চৰকাৰে। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত সম্প্ৰতি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা। জুলাই মাহৰ বাবে আজি নিৰ্ধাৰণ হ’ব চিলিণ্ডাৰৰ দাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ