কেনে আছে দীপিকা, ১৪ ঘণ্টা ধৰি কেঞ্চাৰৰ চাৰ্জাৰী
জনপ্ৰিয় টিভি অভিনেত্ৰী দীপিকা কক্কড় লিভাৰৰ কৰ্কট ৰোগত আক্ৰান্ত। যাৰ বাবে অনুৰাগীসকল অতিশয় চিন্তিত। কালি অভিনেত্ৰীগৰাকীৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। ১৪ ঘণ্টা ধৰি চলে এই চাৰ্জাৰী। চাৰ্জাৰীৰ পাছত স্বামী শ্বোৱেইবে সামাজিক মাধ্যম যোগে জানিবলৈ দিছে পত্নীৰ স্বাস্থ্য সন্দৰ্ভত।
দীপিকাৰ ষ্টেজ ২ লিভাৰ কেন্সাৰ হোৱা বুলি খবৰ ওলোৱাৰ পাছতে স্তম্ভিত হৈ পৰিছিল অনুৰাগী সকল। এতিয়া দীপিকা কক্কৰৰ স্বামী তথা অভিনেতা শ্বোৱেইব ইব্ৰাহিমে অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীক তথ্য দিছে। কিছু মিনিট পূৰ্বে শ্বোৱেইব ইব্ৰাহিমে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰি দীপিকাৰ অৱস্থা সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।
শেহতীয়া পোষ্টটোত শ্বোৱেইব ইব্ৰাহীমে লিখিছে, ‘হেল্ল’ সকলোকে, ক্ষমা কৰিব যোৱা নিশা আপোনালোকক আপডেট কৰিব নোৱাৰিলোঁ৷ অস্ত্ৰোপচাৰটো যথেষ্ট দীঘলীয়া হৈছিল। ১৪ ঘন্টা অপাৰেচন থিয়েটাৰত আছিল দীপিকা, কিন্তু আলহামদুলিল্লাহ সকলো ঠিকেই হৈ গ’ল। বৰ্তমান আই চি ইউত আছে দীপিকা। বৰ্তমানে কিছু বিষ হৈছে যদিও এতিয়া সুস্থিৰ। আপোনালোক সকলোকে আপোনালোকৰ মৰম, প্ৰাৰ্থনা আৰু সমৰ্থনৰ বাবে ধন্যবাদ। দীপিকা আই চি ইউৰ পৰা ওলাই আহিলেই আপোনালোকক আপডেট দিম। সকলোকে আকৌ এবাৰ ধন্যবাদ। দীপিকাৰ বাবে প্ৰাৰ্থনা কৰি থাকিব।’
এতিয়া শ্বোৱেইব ইব্ৰাহিমৰ এই পোষ্টটো দেখাৰ পিছত অনুৰাগীসকলেও স্বস্তিৰ নিশ্বাস পেলাইছে। দীপিকা কক্কৰক লৈ সকলোৱে চিন্তিত হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰক লৈ তেওঁৰ সকলো অনুৰাগীয়ে অস্থিৰ হৈ পৰিছিল।
অৱশ্যে এতিয়া ইব্ৰাহিমৰ পোষ্টৰ পাছত অনুৰাগীৰ উত্তেজনা হ্ৰাস পাইছে। এতিয়া সকলোৱে অপেক্ষা কৰি আছে কেতিয়াকৈ দেখা পাব প্ৰিয় অভিনেত্ৰীগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















