মধ্যপ্ৰদেশৰ এক পাৰিবাৰিক আদালতে বিবাহ বিচ্ছেদৰ গোচৰত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কোনো বৈধ তথা উপযুক্ত কাৰণ অবিহনে স্বামীৰ সৈতে পত্নীয়ে নাথাকিলে স্বামীক অত্যাচাৰ কৰা বুলি গণ্য কৰা হ’ব৷ এক পাৰিবাৰিক অশান্তি তথা বিচ্ছেদৰ শুনানি গ্ৰহণ কৰি পাৰিবাৰিক আদালতৰ মুখ্য বিচাৰপতিয়ে এইদৰে কয়। আদালতৰ মতে পত্নীয়ে কোনো উপযুক্ত কাৰণ নথকাকৈ স্বামীৰ সৈতে নাথাকিলে তাক এক প্ৰকাৰৰ নিষ্ঠুৰতা তথা নিৰ্যাতন বুলিয়ে ক’ব পাৰি।
গোচৰীয়া পক্ষৰ অধিবক্তা মনোজ বিনিৱালে জনোৱা মতে, ২০১৬ চনত ইন্দোৰৰ বাসিন্দা সিদ্ধেশ্বৰ কুমাৰে জয়পুৰৰ কৰীনা সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে মেট্ৰিমনিয়েল ছাইটত লগ হৈ কিছুদিন পিছতে বিবাহপাশত আবদ্ধ হয়।
বিবাহৰ পিছত পত্নীৰ আচৰণ সলনি হোৱা বুলি কৈ স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। আনকি বিয়াৰ প্ৰথম নিশাই পত্নীয়ে স্বামীক কৈছিল যে তেওঁৰ সম্পৰ্ক আন কাৰোবাৰ লগত আছে আৰু চলি থাকিব। ইয়াৰ পিছতো সিদ্ধেশ্বৰে তাইক পত্নী হিচাপে গ্ৰহণ কৰিছিল।
লগতে পঢ়ক ভাৰতীয় ডাক বিভাগত ১ লাখ চাকৰি! ১০ম আৰু ১২শ শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন
স্বামী সিদ্ধেশ্বৰে কয় যে তেওঁ পত্নীক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু পত্নীয়ে তেওঁৰ কথা নুশুনিলে। স্বামীক খবৰ নিদিয়াকৈ পত্নী ঘৰৰ পৰা ওলাই যায়। কেতিয়াবা মোবাইলটো চুইচ অফ কৰি দিয়ে আৰু কেতিয়াবা ফোন ৰিচিভো নকৰে। পত্নীয়ে কয় যে তেওঁ ভৱিষ্যতে প্ৰেমিকৰ লগতহে থাকিব। ইয়াৰ পিছত সিদ্ধেশ্বৰে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়।
ইফালে একেধৰণৰ আন এটা গোচৰত কেৰেলা উচ্চ ন্যায়ালয়ে কয় যে যে স্বামীয়ে বাৰে বাৰে ঠাট্টা-মস্কৰা কৰা আৰু পত্নীক আন মহিলাৰ সৈতে তুলনা কৰাটো এক প্ৰকাৰৰ নিষ্ঠুৰ মানসিক নিৰ্যাতন।
লগতে পঢ়ক শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?
অৱশ্যে কেৰেলা উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে স্বামীয়ে বাৰে বাৰে ঠাট্টা-মস্কৰা কৰাটো বিবাহ বিচ্ছেদৰ বাবে পৰ্যাপ্ত কাৰণ হ’ব নোৱাৰে। অৱশ্যে আইনে এই কথাটো লক্ষ্য কৰা উচিত যে এই ধৰণৰ ঠাট্টা-মস্কৰা কৰাতো পত্নীৰ প্ৰতি কৰা এক নিষ্ঠুৰ আচৰণ। আদালতে পাৰিবাৰিক আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি লৈ গ্ৰহণ কৰি এইদৰে কয়।
বিবাহ বিচ্ছেদৰ গোচৰত পত্নীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক সঘনাই ঠাট্টা-মস্কৰা কৰি আহিছে। আনকি আন মহিলাৰ সৈতে কৰা তুলনাই তেওঁক হতাশ কৰি অহা বুলিও কয়। আদালতে কৈছে যে এয়া এক প্ৰকাৰৰ মানসিক নিষ্ঠুৰতা। কিন্তু বিবাহ বিচ্ছেদৰ বাবে এয়া পৰ্যাপ্ত কাৰণ নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ