নিৱনুৱাসকলৰ বাবে ভাল অতি খবৰ৷ ভাৰতীয় ডাক বিভাগে ১ লাখৰো অধিক খালী পদত নিযুক্তি প্ৰদান কৰিব৷
অৰ্থাৎ ভাৰতীয় ডাক বিভাগত নিৱনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰাৰ এক বৃহৎ সুযোগ আহিছে।
দেশৰ ২৩টা ডাক চাৰ্কোলত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে অনুমোদন প্ৰদান দিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় ডাগ বিভাগে জাৰি কৰা অধিসূচনা অনুসৰি পোষ্টমেন পদৰ বাবে ৫৯০৯৯টা, মেইল গাৰ্ডৰ বাবে ৩,৭৫৩৯টা আৰু মাল্টি টাস্কিং পদৰ বাবে ৩৭,৫৩৯টা পদ খালী হৈ আছে।
লগতে পঢ়ক সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?
ইয়াৰ লগতে ষ্টেনোগ্ৰাফাৰৰ পদসমূহতো খালী পদ চাৰ্কোল পৰ্যায়ত অনুমোদন কৰা হৈছে। জাননী অনুসৰি অন্ধ্ৰ প্ৰদেশ চাৰ্কোলৰ ডাকঘৰৰ বাবে ২২৮৯ টা, মেইল গাৰ্ডৰ বাবে ১০৮ টা আৰু এমটিএছৰ বাবে ১১৬৬ টা পদ খালী হৈ আছে। তেলেংগানা চাৰ্কোলত ডাকঘৰৰ বাবে ১৫৫৩ টা, মেইল গাৰ্ডৰ বাবে ৮২ টা আৰু এমটিএছৰ বাবে ৮৭৮টা পদ খালী হৈছে।
অত্যাৱশ্যকীয় শৈক্ষিক অৰ্হতা- ডাক চাৰ্কোলৰ পদসমূহৰ বাবে প্ৰাৰ্থীসকলে দশম স্থানত উত্তীৰ্ণ হ’ব লাগিব। লগতে কম্পিউটাৰৰ জ্ঞান থকাতো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও কিছুমান পদৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ অৰ্হতাও বিচৰা হৈছে। প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৩২ বছৰ হ’ব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ