অসম লাইভ২৪ঃ সকলোতকৈ বেছি ব্যৱহৃত UPI পেমেণ্ট এপ হৈছে গুগল পে। UPI মাৰ্কেট শ্বেয়াৰৰ নিৰিখত সকলোতকৈ বেছি ব্যৱহাৰ কৰা ৫টা এপৰ ভিতৰত গুগল পে অন্যতম। অন্যান্য দেশৰ তুলনাত ভাৰততেই সকলোতকৈ বেছি এই এপ ব্যৱহৃত হয়।
প্ৰায়সংখ্যকেই নিয়মিত বিল পেমেণ্ট আৰু মোবাইল ৰিচাৰ্ছ সকলোবোৰ গুগল পেৰ পৰাই কৰে। সাম্প্ৰতিক সময়ত বাঢ়ি অহা ছাইবাৰ প্ৰতাৰণাৰ বাবে এইবাৰ সতৰ্ক হৈছে গুগলো। আৰ্টিফিছিয়েল ইণ্টেলিজেন্স প্ৰযুক্তিক কামত লগাই এই ধৰণৰ প্ৰতাৰণাক চিনাক্ত কৰিবলৈ সক্ষম হৈছে গুগলে। গুগল পেৰ ব্যৱহাৰ যিমানেই বাঢ়িছে জালিয়াতিৰ সংখ্যা। যি কাৰণত গুগল পে ইউজাৰৰ ফোনত থকা কেইটামান এপ ডিলিট কৰাৰ নিৰ্দেশ দিছে বিশেষজ্ঞই। এই এপসমূহ হৈছে স্ক্ৰিণ শ্বেয়াৰিং এপ্লিকেছন।
গুগল সতৰ্ক হৈ থাকিলেও ইউজাৰে যদি নিজৰ ফোনত এই ধৰণৰ এপ ইনষ্টল কৰে তেন্তে প্ৰতাৰণাৰ পৰা ৰক্ষা কৰা অসম্ভৱ বুলিও জনাইছে গুগলে। স্ক্ৰিণ শ্বেয়াৰিং এপৰ মাধ্যমেৰে একাধিক ব্যক্তিগত তথ্য, বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ডৰ তথ্য, পাছৱৰ্ড ইত্যাদি হেক হ’ব পাৰে।
স্ক্ৰিণ শ্বেয়াৰিং এপ ভয়ংকৰ কিয়?
স্ক্ৰিণ শ্বেয়াৰিং এপৰ মাধ্যমেৰে অন্য ব্যক্তিৰ পৰা আপোনাৰ ফোন বা ডিভাইছৰ পৰা এক্সেছ গুচি যায়। আপুনি ফোনত যি কাম কৰে সকলো অন্য হেকাৰে গম পাব পাৰে। আপুনি কেনেকৈ পাছৱৰ্ড দিছে, আপোনাৰ UPI পিন, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ CVV সকলো হেকাৰৰ হাতলৈ যাব পাৰে। এই ধৰণৰ স্ক্ৰিণ শ্বেয়াৰিং এপসমূহ হৈছে Screen Share, Anydesk, TeamViewer। উক্ত এপকেইটা আপোনাৰ ফোনত ইনষ্টল কৰিলে ডিভাইছৰ নিয়ন্ত্ৰণ হেকাৰৰ হাতলৈ যাব পাৰে। ইয়াৰফলত আপুনি আৰ্থিক প্ৰতাৰণাৰ বলি হ’ব পাৰে।
অপৰিচিত ব্যক্তিয়ে মনে মনে এই ফোনৰ তথ্য হেক কৰিব পাৰে। সেয়ে অচিনাকী ব্যক্তিৰ হাতত কেতিয়াও পাছৱৰ্ড খুলি মোবাইল নিদিব। কেৱল গুগল পেই নহয়, পে টিএম, ফোন পে ইত্যাদিৰ ক্ষেত্ৰতো একেই। সেয়ে এইকেইটা অনলাইন ট্ৰান্সেকশ্বন এপ ব্যৱহাৰ কৰিলে সদায়ে সতৰ্ক হৈ থাকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ