কাইলৈ ১ মাৰ্চ মংগলবাৰে মহাশিৱৰাত্ৰি৷ মহাশিৱৰাত্ৰিত ভক্তসকলে ভগৱান শিৱক সমপৰ্ণ কৰে৷
এই দিনটোত ভগৱান শিৱ আৰু মা পাৰ্ৱতীক নিৰ্দিষ্ট বিধি বিধানেৰে পূজা অৰ্চনা কৰি নিজৰ মনোকামনা পূৰণ হয় বুলি কোৱা হয়৷
১ মাৰ্চ মংগলবাৰে শিৱৰাত্ৰি পুৱা ০৩.১৬ বজাৰ পৰা আৰম্ভ হ’ব৷ বুধবাৰে পুৱা ১০ বজাত অন্ত পৰিব৷ শিৱ পূজনৰ শুভ সময় হ’ব সন্ধিয়া ৬ বজা ২২ মিনিটৰ পৰা আৰম্ভ হৈ নিশা ১২ বজা ৩৩ মিনিটলৈকে থাকিব৷
মহাশিৱৰাত্ৰীত শিৱৰ কৃপা পাবলৈ কি কি কৰিব?
See More ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!
১. মহাশিৱৰাত্ৰিত ব্ৰত বা উপবাসে থাকিব৷
২. পুৱাই উঠি গা স্নান কৰি শুদ্ধ বগা কাপোৰ পৰিধান কৰিব৷
৩. শুভ মুহূৰ্তত মন্দিৰলৈ গৈ মহাদেৱ শিৱক পানী আৰু গাখীৰ অৰ্পণ কৰিব৷
৪. মহাশিৱৰাত্ৰিত ‘ঔমঃ নমঃ শিৱায়’ৰ জপ কৰিব৷
৫. এই দিনটোত ব্ৰতীয়ে কোনো ফলৰ ৰসো পান কৰিব কৰিব নেলাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ