সাধাৰণতে ছ’চিয়েল মিডিয়াত মিমৰ কাৰণ হৈ পৰা বেংগালুৰুৰ কুখ্যাত যান-জঁটৰ মাজতে এক প্ৰেৰণাদায়ক কাহিনীয়ে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। নৰক সৃদশ ট্ৰেফিক জামকো নেওচি মানৱতাৰ উকৃষ্ট নিৰ্দশন দাঙি ধৰি চৰ্চালৈ আহিছে এজন শল্য চিকিৎসক৷
সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ চৰ্চাত থকা শল্য চিকিৎসকগৰাকী হৈছে ডাঃ গোবিন্দ নন্দকুমাৰ৷আচলতে যোৱা ৩০ আগষ্ট তেওঁ সাধন কৰা এক প্ৰেৰণাদায়ক কৰ্মৰ বাবে এতিয়া নায়কলৈ পৰিণত হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে যোৱা ৩০ আগষ্টত মণিপাল হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী ছাৰ্জন ডাঃ গোবিন্দ নন্দকুমাৰে এগৰাকীৰ ৰোগীৰ পিত্তথলী অস্ত্ৰোপচাৰৰ বাবে বাসগৃহৰ পৰা চিকিৎসালয়খনলৈ যাত্ৰা কৰিছিল৷ কিন্তু চিকিৎসকজনে বাংগালুৰুৰ সৰ্জাপুৰ-মাৰাঠাহল্লী অংশত প্ৰচণ্ড বৰষুণ আৰু বানৰ বাবে ট্ৰেফিক জামত আবদ্ধ হৈ পৰে।
লগতে পঢ়ক ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী
ট্ৰেফিক জামত আৱদ্ধ হৈ পৰা চিকিৎসক ডাঃ গোবিন্দ নন্দকুমাৰে উপায়হীন হৈ নিজৰ বাহনখন ৰাজপথতে এৰি প্ৰায় ৪৫ মিনিট সময় দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হৈ ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷
এই প্ৰেৰণাদায়ক কৰ্মৰ পাছতে বেংগালুৰুৰ যান-জঁটৰ সমস্যাৰ কথা কৈ নন্দকুমাৰে টাইম অৱ ইণ্ডিয়াক কয় যে তেওঁ কানিংহাম ৰোডৰ পৰা সৰ্জাপুৰৰ মণিপাল হাস্পতালত উপস্থিত হ’ব লাগিব। ধাৰাসাৰ বৰষুণ আৰু পানী জমা হোৱাৰ বাবে হাস্পতালৰ পৰা কেইকিলোমিটাৰমান আগত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হৈছিল।
‘‘অস্ত্ৰোপচাৰ শেষ নোহোৱালৈকে ৰোগীসকলক খাবলৈ দিয়া নহয়, সেই বাবে ট্ৰেফিক শেষ হোৱালৈ অপেক্ষা কৰি মই আৰু সময় নষ্ট কৰিব বিচৰা নাছিলো। মোৰ বাবে আৰু অধিক সময় অপেক্ষা কৰিবলৈ বাধ্য কৰাব বিচৰা নাছিলো।’’ ডাঃ গোবিন্দ নন্দকুমাৰে কয়৷
লগতে পঢ়ক টি-২০ বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বেই বিতৰ্ক! ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সলনিৰ সিদ্ধান্ত…
উল্লেখ্য যে ডাঃ নন্দকুমাৰে যোৱা ১৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ কৰি আহিছে আৰু এতিয়ালৈকে ১০০০ ৰো অধিক সফল অস্ত্ৰোপচাৰ কৰিছে। ডাঃ নন্দকুমাৰ হৈছে পাচনতন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বিশেষজ্ঞ। নন্দকুমাৰে গেষ্ট্ৰাইটিছৰ পৰা টিউমাৰ আৰু ক্ষতিগ্ৰস্ত অংশ আদি আঁতৰোৱাৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি আহিছে।
ৰোগীৰ প্ৰতি থকা এই সেৱাৰ মনোভাৱ শুনি সকলোৱে ডাঃ নন্দকুমাৰক প্ৰশংসা কৰিছে। ডাঃ নন্দকুমাৰৰ এই সেৱাৰ মনোভাৱক ছ’চিয়েল মিডিয়াত সকলোৱে প্ৰশংসা কৰা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ