• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

4 years ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

21 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

40 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

1 hour ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?

অসমত উভৈনদী হ’ব বাংলাদেশৰ মাছ আৰু বিবিধ খাদ্য

editor by editor
July 21, 2022
in অসম, বিশ্ব, ৰাজনীতি
0
বাংলাদেশতো বিখ্যাত হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা! কিন্তু কেনেকৈ?
0
SHARES
38.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চুবুৰীয়াই ৰাষ্ট্ৰ বাংলাদেশতো এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মুকলিকৈ প্ৰশংসা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু কৃষিখণ্ডৰ সংস্কাৰৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিৰ প্ৰতি বাংলাদেশে সহযোগ আগবঢ়াব বিচাৰিছে৷ বিগত সময়ছোৱাত কেপিটেল ইনভেষ্টমেণ্টত অসমৰ অগ্ৰগতিয়ে এক বিশেষ স্থান লাভ কৰিছে৷ পৰিকাঠামো নিৰ্মাণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকা চুবুৰীয়া ৰাষ্ট্ৰখনৰ দৃষ্টিগোচৰ হৈছে৷

কেৱল সিমানেই নহয়, বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড০ আব্দুল মোমিনে অসমৰ আৰ্থ-সামাজিক বিকাশ আৰু কৃষিখণ্ডৰ সংস্কাৰ প্ৰক্ৰিয়াত সমভাগী হ’ব বুলি ঘোষণা কৰিছে৷ বিগত সময়ছোৱাত বাংলাদেশৰ কৃষি আৰু উদ্যোগ খণ্ডৰ বিকাশে বিশ্বৰ সকলো দেশকে চেৰ পেলাইছে৷ অৰ্থনৈতিক বিকাশৰ হাৰো বিশ্বৰ ভিতৰতে ক্ষিপ্ৰতৰ৷ অৰ্থাৎ চুবুৰীয়া ৰাষ্ট্ৰখন ফাষ্ট গ্ৰ’য়িং ইক’ন’মী হিচাপে চিহ্নিত হৈছে৷ খোদ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ পাইছে এই তথ্য৷

 

লগতে পঢ়ক নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

ঠিক সেই সময়তে অসমৰ আৰ্থ-সামাজিক উন্নয়নত চামিল হ’বলৈ বাংলাদেশে আগ্ৰহ প্ৰকাশ কৰাটো ৰাজ্যবাসীৰ বাবেও এক সুখবৰ৷ কিন্তু বাংলাদেশ চৰকাৰে অসমৰ কৃষি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কিয়? ইয়াৰ আঁৰতো আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ তথ্য৷

উল্লেখযোগ্য যে অসমৰ ৰাজহ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৪ লাখ হেক্টৰতকৈ অধিক পতিত ভূমিত অবৈধ জনবসতি গঢ়ি উঠিছে৷ আৰু এই বিস্তীৰ্ণ এলেকাত কৃষি প্ৰকল্প গঢ়ি তুলিব পাৰিলে খাদ্য-শস্য আৰু পাম শস্য উৎপাদনত অসমে বিশেষ স্থান লাভ কৰিব পাৰিব৷ আৰু সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে পতিত ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ আঁচনি লৈছে৷

জানিব পৰা মতে বান পৰিস্থিতি সামান্য উন্নত হ’লেই চৰ অঞ্চলত উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তোলা হ’ব৷ এই খবৰ আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰকাশিত হৈছে৷ প্ৰস্তাৱিত আঁচনি অনুসৰি যদি ২ লাখ হেক্টৰ ভূমিও বেদখলমুক্ত হয় তেন্তে সেই স্থানত কৃষি ব্যৱস্থাৰ পৰ্যাপ্ত সুবিধা থাকিব৷ অসমত কৃষি আৰু মৎস্য উৎপাদন ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অহাটো নিশ্চিত হোৱা বুলি ক’ব পাৰি৷ সেইবাবে অসমৰ কৃষি আৰু উদ্যান শস্য প্ৰকল্পসমূহত সম্পূৰ্ণভাৱে সহযোগ কৰিবলৈবাংলাদেশ চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে৷

 

লগতে পঢ়ক অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

এই উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক বাংলাদেশলৈ আমন্ত্ৰণ জনোৱা বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷ সেই মৰ্মে অহা ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বাংলাদেশ অভিমুখে ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷ ইফালে বাংলাদেশে অসমৰ কৃষি আৰু বাণিজ্য খণ্ডত বিনিয়োগ কৰিলে শাক-পাচলি আৰু মাছৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী সুলভ মূল্যত উপলব্ধ হ’ব বুলিও চৰকাৰী সূত্ৰই দাবী কৰে৷ কিয়নো চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মৎস্য আৰু শাক-পাচলিৰ উৎপাদন দেশখনৰ ৰাষ্ট্ৰীয় চাহিদাতকৈয়ো বেছি৷

অৰ্থাৎ বাংলাদেশৰ উপভোক্তাসকলৰ বাবে প্ৰয়োজনতকৈ অধিক শাক-পাচলি আৰু মৎস্য উৎপাদন হয়৷ তেনে পৰিস্থিতিত চুবুৰীয়া ৰাষ্ট্ৰখনে কৃষি আৰু মৎস্য প্ৰকল্প যুটীয়াভাৱে গঢ়ি তুলিবলৈ যদি সক্ষম হয়, তেন্তে অসমতো মাছ আৰু বিভিন্ন শাক-পাচলি সুলভ মূল্যত উপলব্ধ হ’ব৷ বিশেষকৈ ইলিছ মাছৰ লগতে সাগৰীয় মাছো অসমৰ ৰাইজে সহজে আৰু কম মূল্যত ক্ৰয় কৰিব পাৰিব৷

 

লগতে পঢ়ক ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

সাম্প্ৰতিক সময়ত গুৱাহাটীৰ বজাৰত বাংলাদেশৰ ইলিছ মাছ অৰ্থাৎ পদ্দা ইলিছ হিচাপে পৰিচিত মাছৰ প্ৰতিকেজিত খুচুৰা বিক্ৰী মূল্য ১,৫০০ টকা৷ কিন্তু সেই একেই মাছ বাংলাদেশৰ বজাৰত ১০০ৰ পৰা ১৫০ টকাৰ ভিতৰত৷ অৰ্থাৎ অসমত ১০ গুণ দৰত বাংলাদেশৰ মাছ বিক্ৰী হ’ব লাগিছে৷ কিন্তু অসম আৰু বাংলাদেশৰ মাজত যদি দ্বি-পাক্ষিক বাণিজ্যিক চুক্তি সম্পাদিত হয়, তেন্তে ১,৫০০ টকীয়া ইলিছ মাছ গুৱাহাটীৰ বজাৰত ২০০-২৫০ টকাৰ ভিতৰত পোৱা হ’ব৷ একেদৰে বিভিন্ন প্ৰকাৰৰ সাগৰীয় মাছ আৰু ছী ফুডো গুৱাহাটীৰ লগতে অসমৰ বজাৰত সুলভ হ’ব৷ এইবাবে বাংলাদেশ চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱাটো ৰাজ্যবাসীৰ বাবে এক সুখবৰ হিচাপে বিবেচিত হৈছে৷

অৱশ্যে এইক্ষেত্ৰত আগন্তুক সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দক্ষতা আৰু নীতিৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰস্তাৱিত প্ৰকল্পৰ সফলতা-বিফলতা৷ কিন্তু তৎসত্ত্বেও চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ বিনিয়োগ আৰু সহযোগিতাত কৃষিখণ্ডৰ লগতে মৎস্য উৎপাদনত বৈপ্লৱিক পৰিৱৰ্তন আহিব বুলি আশা কৰিব পাৰি৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbangladeshbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
Next Post
নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি?

বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

বিশ্বৰ একমাত্ৰ ‘Walking Tree’ ক’ত আছে? কিমান বিশাল এই গছজোপা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.