নাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ৰাজ্যবাসীৰ ৰোষত পৰা স্বয়ম্ভূ আচাৰ্য তথা বেপাৰী পংকজ পাঠকক যোৱা নিশা আৰক্ষীয়ে হাউলীৰ পৰা গ্ৰেপ্তাৰ কৰে৷
গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানালৈ অনা হয়৷
হাতীগাঁও আৰক্ষীয়ে পংকজ পাঠকক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত তেওঁৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰা বুলিহে দাবী কৰিছে৷
লগতে পঢ়ক ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক
ইয়াৰ লগতে পাঠকে এতিয়াও ক’বলৈ সময় আছে বুলি মন্তব্য কৰে৷ লগতে কয় যে এতিয়াও ক’বলৈ সময় আছে আৰু পিছত সংবাদ মেল সম্বোধন কৰি সকলো কথা আপোনালোকক ক’ম৷
উল্লেখ্য যে এক ফেচবুক ভিডিঅ’যোগে নাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছত পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ নাৰী সমাজৰ লগতে সচেতন লোকসকলৰ ৰোষত পৰে৷
পাঠকৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীয়ে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰে৷
লগতে পঢ়ক ২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ
ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ যো-জা চলোৱাৰ সম্ভেদ পাই স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে আত্মগোপন কৰে৷ আনকি আৰক্ষী আৰু সাধাৰণ লোকক বিভ্ৰান্তিত পেলাবলৈ পংকজ পাঠকে নিজৰ ফেচবুক পেজত বিভ্ৰান্তিকৰ পোষ্টো দিয়া পৰিলক্ষিত হয়৷
আনহাতে, বুধবাৰে দিনৰ ভাগত আৰক্ষীয়ে পাঠকৰ কাৰখানাত অভিযান চলাই যদিও পাঠকে পলায়ন কৰা বুলি তেওঁ কৰ্মচাৰীয়ে সদৰী কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা হাউলীৰ পৰা পংকজ পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ