অসম লাইভ ২৪ঃ বিশিষ্ট সাহিত্যিক, সমালোচক, অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড৹ কুতুবুদ্দিন আহমেদৰ দেহাৱসান। দেওবাৰে পুৱতি নিশা গুৱাহাটীৰ এপ’লো হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, সমালোচকগৰাকীয়ে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অসম তত্ত্ব গৱেষণা সংস্থাৰ পঞ্জীয়ক আছিল বিশিষ্ট সমালোচকগৰাকী। সাহিত্যিকগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰে গুণমুগ্ধসকল। তেখেতৰ একালৰ কৰ্মভূমি দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। কমল দুৱৰা মহাবিদ্যালয়ত দেৰগাঁও সাহিত্য সভা, দেৰগাঁও নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমী, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলা সমিতি, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ব্যক্তি, দল-সংগঠনে শ্ৰদ্ধা জ্ঞাপন কৰে। দেৰগাঁৱ পৰা যোৰহাট সাহিত্য সভা ভৱনলৈ অনা হয় সাহিত্যিকগৰাকীৰ নশ্বৰ দেহ। তাতেই সাহিত্যিকগৰাকীক শেষ শ্ৰদ্বা জনোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ