এজন মাছৰীয়াই সাগৰৰ মাজত ধৰিছে এটা বেবী ড্ৰেগন৷ ন’ৰ্ৱেগীয়ান সাগৰত মাছ ধৰি থাকোতে এজন ৰাছিয়ান মাছমৰীয়াই এটা বেবী ড্ৰেগন ধৰে৷
ৰোমান ফেডৰ্ষ্ট’ভ নামৰ ৩৯ বছৰীয়া মাছৰীয়াগৰাকীয়ে পোৱালি ড্ৰেগনটো ধৰি এটা ৰীল নিৰ্মাণ কৰে৷ মাছমৰীয়াজনে এই ৰীলটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷
অৱশ্যে ৰোমানে ধৰা এই ড্ৰেগনটোক ‘ঘোষ্ট শ্বাৰ্ক’ নামেৰেহে জনা যায়৷ ৰোমানে শ্বেয়াৰ কৰা ডাঙৰ চকু, দীঘল নেজৰ এই বেবী ড্ৰেগনটো বৰণটো লাইট পিংক ৰঙৰ৷
লগতে পঢ়ক হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?
বেবী ড্ৰেগনটো ধৰি ৰোমাঞ্চিত হৈ পৰা ৰোমানে ইনষ্টাগ্ৰামত কৈছে ‘‘নাম নজনা কিবা এটা অনুসৰণ কৰাটো এটা অভিজ্ঞতা, কিন্তু ইয়াক বিচাৰি উলিওৱাটো অন্য এক অভিজ্ঞতা৷’
উল্লেখ্য যে ৰোমানে কেৱল এই বেবী ড্ৰেগনটোকেই ধৰা নাই৷ তেওঁ ন’ৰ্ৱেগীয়ান সাগৰত এনে বহু সাগৰীয় জলচৰ প্ৰাণী ধৰিছে যিবোৰ সাধাৰণ মানুহৰ বাবে কল্পনাৰো অগোচৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ