মেডিকেল মিৰাকল, এজন ভাৰতীয় লোকৰ শৰীৰত ৫ টা বৃক্ক
কিমান বিশ্বাসযোগ্য এই কথা, এজন মানুহৰ শৰীৰত এটা -দুটা নহয় মুঠ ৫ টাকৈ কিডনী তথা বৃক্ক। কাৰণ এবাৰ নহয়, দুবাৰ নহয়, একেৰাহে তিনিবাৰকৈ বৃক্ক সংৰোপনৰ ফলত এইদৰে বৰ্তমানে ৫ টা বৃক্ক হৈছেগৈ মানুহজনৰ শৰীৰত।
৪৭ বছৰীয়া ডি আৰ ডি অ বিজ্ঞানী দেৱেন্দ্ৰ বৰলেৱাৰৰ একেৰাহে তিনিবাৰকৈ বৃক্ক সংৰোপণ কৰাৰ পিছতো এতিয়াও সুস্থ লোকগৰাকী। দিল্লীত চিকিৎসাৰ ক্ষেত্ৰত যুগান্তকাৰী অগ্ৰগতি লাভ কৰিছে। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা দেৱেন্দ্ৰই নিজৰ মনৰ শক্তি আৰু উন্নত চিকিৎসা বিজ্ঞানৰ বাবেই নতুন জীৱন লাভ কৰিছে। মৃত্যুৰ পিছত এজন ব্যক্তিয়ে দান কৰাৰ পিছত তেওঁৰ শেষৰটো বৃক্ক লোৱা হৈছিল। তেওঁৰ শৰীৰত এতিয়া মুঠ পাঁচটা বৃক্ক। কিন্তু ইয়াৰে মাত্ৰ এটাহে সক্ৰিয়।
বৈজ্ঞানিক দেবেন্দ্ৰৰ তৃতীয়টো কিডনী ট্ৰান্সপ্লাণ্ট কৰাটো অতিকে বিৰল। কাৰণ হ’ল উপযুক্ত দাতা বিচৰা, অংগটোৰ সমস্যা নিৰ্ণয় কৰি নতুন বৃক্কৰ বাবে ঠাই সৃষ্টি কৰা অতিকে কঠিন। চিকিৎসকে এই সকলোবোৰ সমস্যাৰেই সন্মুখীন হ’বলগীয়া হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি ফৰিদাবাদৰ অমৃতা হাস্পতালৰ চিকিৎসকসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি সফল হৈছে।
পেছাত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বিজ্ঞানী দেৱেন্দ্ৰই এক সাক্ষাৎকাৰত কয় যে তেওঁ ২০০৮ চনৰ পৰাই বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছিল। সপ্তাহত তিনিবাৰ ডায়েলাইছিছৰ বাবে হস্পিতাললৈয়ো যাবলগীয়া হৈছিল তেখেত। ইয়াৰ ফলত তেওঁৰ ব্যক্তিগত জীৱন, শৰীৰৰ লগতে তেওঁৰ কামতো প্ৰভাৱ পৰিছিল।
যাৰ বাবে ২০১০ চনত প্ৰথমবাৰৰ বাবে বৃক্ক সংৰোপণ কৰে বৈজ্ঞানিক দেবেন্দ্ৰই। কিন্তু সেই ট্ৰান্সপ্লান্ট বিফল হোৱাত পুনৰ ২০১২ চনত দ্বিতীয়টো ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। পাছে দ্বিতীয়বাৰৰ বাবে সংৰোপণ কৰা বৃক্কটোৱেও ২০২২ চনত Covid আক্ৰান্ত হোৱাৰ পিছত কাম কৰা বন্ধ কৰি দিয়ে। ফলত পুনৰ ডায়েলাইছিছ আৰম্ভ কৰিব লগা হয়। লগতে বিচাৰ চলি থাকে আন এক বৃক্ক দাতাৰ।
২০২৩ চনত দেৱেন্দ্ৰই চিকিৎসালয়ত পঞ্জীয়ন কৰি নিজৰ বাবে তৃতীয়টো বৃক্ক দাতা বিচাৰিছিল। ২০২৫ চনৰ ৭ জানুৱাৰীত সন্ধান পাইছিল দাতাৰ। ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই (NOTTO) দেৱেন্দ্ৰক তেওঁৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই তৃতীয়টো বৃক্ক সংৰোপনৰ বাবে অগ্ৰাধিকাৰ দিয়ে।
শেষত চলিত বৰ্ষৰ ৮ জানুৱাৰীত সফলতাৰে তেওঁৰ তৃতীয়টো কিডনী ট্ৰান্সপ্লাণ্ট কৰা হৈছিল। কিন্তু এইখিনিতে প্ৰশ্ন তৃতীয়টো বৃক্ক স্থাপনৰ পূৰ্বে কিয় আঁতৰোৱা হোৱা নাছিল বিকল বৃক্ক বোৰ!
এই সন্দৰ্ভত বাংগালুৰুৰ কাবেৰী হাস্পতালৰ কিডনী ট্ৰান্সপ্লাণ্ট বিশেষজ্ঞ ডাঃ ভানুপ্ৰকাশে জানিবলৈ দিয়ে যে, কিডনী ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত ৰোগীৰ মূল আৰু কাম নকৰা বৃক্ক ঠাইতে ৰখাটো এটা সাধাৰণ কথা। জটিলতাৰ পৰা হাত সাৰিবলৈ সাধাৰণতে নতুন বৃক্ক পেটৰ তলৰ অংশত স্থাপন কৰা হয়। দেবেন্দ্ৰৰ ক্ষেত্ৰতো এই কৰা হৈছে। লগতে প্ৰকৃত বৃক্কটো আঁতৰাই দিলে ৰক্তক্ষৰণ, সংক্ৰমণ আৰু অপ্ৰয়োজনীয় অস্ত্ৰোপচাৰৰ আশংকা থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ