শুৱাৰ পূৰ্বে গাখীৰৰ লগত মিলাই খাওত এই সামগ্ৰী, তীব্ৰতাৰে বৃদ্ধি পাব দৃষ্টি শক্তি
বৰ্তমান সময়ত মোবাইল-কম্পিউটাৰ আদিৰ কাম কৰাৰ ফলত বহু লোকৰে চকুৰ দৃষ্টিশক্তি হ্ৰাস পাবলৈ ধৰে। চকুৰ বিভিন্ন সমস্যাৰ সন্মুখিন হয়। যাৰ ফলত চকুত চশমা ল’ব লগা হয়।
কিন্তু ঘৰুৱা পদ্ধতিৰে বহুতো উপায় গ্ৰহণ কৰিলে চকুৰ দৃষ্টি শক্তি বহু পৰিমাণে বৃদ্ধি পায়। তেনেই এবিধ উপায় হৈছে গাখীৰ। নিতৌ নিশা শুৱাৰ পূৰ্বে গাখীৰৰ সৈতে এবিধ সামগ্ৰী মিহলি কৰি খালে দৃষ্টি শক্তি বৃদ্ধি পায়।
সকলোৰে ঘৰতে সততে পোৱা সামগ্ৰীৰ ব্যৱহাৰেৰে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। তেনেই এবিধ সামগ্ৰী হৈছে ছফ তথা গুৱামুৰি। ছফত এণ্টিঅক্সিডেণ্ট, ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ডি পোৱা যায়।
তাৰোপৰি ছফত আইৰণ, জিংক, পটেছিয়াম, ফাইবাৰ আৰু মেগ্নেছিয়াম পোৱা যায়। এই সকলো পোষক তত্ব মানৱ শৰীৰৰ ইমিউনিটি বৃদ্ধিত সহায়ক।
সেয়ে নিতৌ নিশা যদি গাখীৰত ছফ, বাদাম আৰু মিচিৰি মিলাই খাব পাৰে। নাইবা গাখীৰত নিতৌ নিশা কলা জালুক মিহলাই খাব পাৰে
এনেদৰে গাখীৰ সেৱন কৰিলে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পোৱাৰ লগতে মগজুৰ কাৰণেও বহুত ভাল। বহু উপকাৰ কৰে এই ড্ৰিংক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ