দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দৃশ্যমৰ এইগৰাকী অভিনেত্ৰী
দৃশ্যম কৰি জনপ্ৰিয় হোৱা অভিনেত্ৰী এইবাৰ দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। সামাজিক মাধ্যম যোগে সদৰি কৰিলে এই বিষয়ে। অৱশ্যে পোনপটীয়াকৈ এই বিষয়ে সদৰি কৰা নাই কিছু আওপকিয়াকৈ দিছে এই খবৰ।
Drishyam 2 ৰ অভিনেত্ৰী ইশিতা দত্তৰ ভেলেণ্টাইন ডে’ৰ শেহতীয়া পোষ্টটো ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকী দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব বুলি জল্পনা-কল্পনা কৰিছে অনুৰাগীয়ে। আচলতে অভিনেত্ৰীগৰাকীয়ে স্বামী ভাটছাল ছেঠৰ সৈতে কিছু ৰোমান্টিক ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁক ৰঙা পোছাক পিন্ধি আৰু অভিনেতাগৰাকীয়ে ক’লা চুট পিন্ধি পোজ দিয়া দেখা গৈছিল।
পোষ্টটোৰ কেপচনত দম্পতীহালে লিখিছে, “আপোনাক চিনি পোৱা ৯ বছৰ, ভাল পোৱা ৮ বছৰ, আমি সৃষ্টি কৰা প্ৰেম ১টা, আৰু অতি সোনকালে… আমাৰ হৃদয় আকৌ নতুন মৰমেৰে উজলি উঠিব।”
‘আমাৰ হৃদয় আকৌ নতুন মৰমেৰে উজলি উঠিব’ এই বাক্যশাৰী পোষ্টটোত যোগ দিয়াৰ লগে লগে অনুৰাগীয়ে জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিলে যে ইশিতা দত্ত পুনৰ মাতৃ হ’বলৈ ওলাইছে।
এই অভিনেতা অভিনেত্ৰী দম্পতীহালে ২০২৩ চনৰ জুলাই মাহত প্ৰথমটো সন্তানক আদৰণি জনাইছিল, পুত্ৰৰ নাম ৰাখিছিল বায়ু। ২০১৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ