নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে
নতুন বছৰ বুলি ফুৰ্তি কৰি থকাৰ সময়তে আমেৰিকাত সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে। এজন লোকে ভিৰৰ মাজত বাহন চলাই বহু লোকক মহতিয়াই নিয়াৰ লগতে নিৰ্বিচাৰে গুলিচালনা কৰাৰ ফলত এইদৰে বহু লোকে প্ৰাণ হেৰুাৱই।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বাহন এখনৰ চালকে নিজৰ পিকআপ ট্ৰাকখন ভিৰৰ মাজলৈ লৈ গৈ পিছত ৰাইজৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ ফলত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন গুৰুতৰভাৱে আহত হয়। লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়েও চালকজনক লক্ষ্য কৰি গুলীচালনা কৰে।
বুধবাৰে আমেৰিকাৰ নিউ অৰলিন্স চহৰৰ কেনেল আৰু বোৰ্বন ষ্ট্ৰীটৰ সংযোগস্থলত সংঘটিত হয় এই ঘটনা। এই সময়ছোৱাত হঠাৎ এখন তীব্ৰবেগী ট্ৰাক নৱ বৰ্ষ উদযাপন কৰি থকা ৰাইজৰ মাজলৈ আহি সকলোকে এফালৰ পৰা খুন্দা মাৰি আগবাঢ়ি যায়, যাৰ বাবে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।
ইয়াৰ পিছত চালকজনে ট্ৰাকৰ পৰা নামি ৰাইজৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে। যাৰ ফলত ১২ জনে প্ৰাণ হেৰুৱাই। এই ঘটনাত আহত ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ