শীত বিদায়বেলাত৷ বসন্ত আহিছে৷ চাৰিওফালে বিভিন্নৰঙী ফুলবোৰ ফুলি উঠাৰ সময় এয়া৷ এই সময়ছোৱাত সাবধানে থকাটো খুবেই জৰুৰী৷ কাৰণ এই সময়তেই বিভিন্ন পক্স ওলায়৷ নানান ৰোগৰ পৰা মুক্তি পাবলৈ সেয়ে এই সময়ত অত্যন্ত উপকাৰী খাদ্য হৈছে ছজিনা ফুল৷ ছজিনা গছৰ একোৱেই পেলোৱা নাযায়৷
ছজিনা, ছজিনাৰ পাত, ফুল সকলোবোৰেই খাদ্য হিচাপে খাব পাৰি৷ আনকি ছজিনাৰ শিঁপাৰো আছে বহু ঔষধি গুণ৷ এই গছৰ পাত, ফুল আৰু ছজিনাত বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়৷ ছজিনা ফুলত আছে ভিটামিন এ, ভিটামিন চি, জিংক, আয়ৰণ, ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম ইত্যাদি৷ ফলত বতৰ সলনি হোৱাৰ সময়ত জ্বৰ, ছৰ্দি, কাঁহ দূৰত ৰাখিবলৈ আপুনিও ছজিনা ফুল খাব পাৰে৷ যিহেতু এই ফুলে বেক্টেৰিয়াৰ সৈতে যুঁজ কৰিব পাৰে সেয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ ইয়াৰোপৰি হাঁপানি ৰোগ, কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ ব্লাড প্ৰেছাৰ, কোলেষ্টেৰল কমোৱা, দৃষ্টিশক্তি বঢ়োৱা, ছাল চুলিৰ যত্ন, বাত বিষৰ পৰা উপশমতো সহায় কৰে৷
কেৱল ৰোগ প্ৰতিৰোধেই নহয়, ইয়াৰ আৰু এটা ডাঙৰ গুণ হৈছে ছজিনা ফুলে যৌনজীৱনক শক্তিশালী কৰে৷ আমেৰিকান জাৰ্নেল অফ নিউৰো চায়েন্সৰ এক গৱেষণাত দেখা গৈছে যে ছজিনা ফুলত আছে টেৰিগোস্পাৰ্মিন যৌন, যিয়ে পুৰুষৰ মাজত যৌন ইচ্ছা বঢ়াই তোলাত সহায় কৰে৷ বাঢ়ে যৌন সক্ষমতাও৷ বন্ধ্যাত্বৰ সমস্যাও দূৰ হয়৷ যি কাৰণত আমেৰিকাত ছজিনা ফুলক কোৱা হয় ইণ্ডিয়ান ভায়েগ্ৰা৷ যৌনবৰ্ধক হিচাপে কাম কৰিবলৈ প্ৰথমে ছজিনা ফুল সিজাই লওক৷ তাৰপিছতেই গাখীৰ, ইলাচি আৰু গুৰ মিহলাই খাওক৷ কিংবা ১ গ্লাছ গাখীৰৰ মাজত ছজিনা ফুল, নিমখ আৰু জালুক মিহলাইয়ো খাব পাৰে৷ নিজকে সুস্থ ৰাখিবলৈ এই সময়ত অৱশ্যেই ছজিনা নতুবা ফুল খাওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ