অসম লাইভ২৪ঃ মৰাণৰ সমীপৰ খোৱাঙত এটা হাঁহৰ পোৱালিয়ে কৌতূহলৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ খোৱাং সোনোৱাল মজদুৰ গাঁৱত জীতেন মুণ্ডা নামৰ লোকজনৰ ঘৰত জন্ম লোৱা হাঁহৰ পোৱালিটোৰ আছে চাৰিখন ঠেং আৰু চাৰিখন পাখি। সচৰাচৰ হাঁহৰ পোৱালিতকৈ পৃথক হাঁহৰ পোৱালিটো দুদিনমানৰ পূৰ্বে জন্মলাভ কৰিছিল৷ ৰাইজে আজৱ বুলি ভবা পোৱালিটো দানা, পানী খাই স্বাভাৱিক ভাৱেই জীয়াই আছে।
হাঁহৰ পোৱালিটো চাবলৈ বহু লোকৰ সমাগম হৈছে জীতেন মুণ্ডাৰ ঘৰত। হাঁহৰ পোৱালিটোৱে আন বিলাক পোৱালিৰ দৰেই চলা-ফুৰা কৰিব পাৰে। যাৰ বাবে প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো গৰাকীৰ বিশেষ অসুবিধা হোৱা নাই বুলি জানিবলৈ দিছে। ইফালে এই চাৰিঠেঙীয়া আজৱ হাঁহৰ পোৱালিটো ভগবানৰে দান বুলি পৰিয়ালটোৱে ভাৱিছে পৰিয়ালবৰ্গই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ