অসম লাইভ২৪ঃ দুৰ্গা পূজা আৰম্ভ হ’ল। আজি ২১ অক্টোবৰ শনিবাৰে পালিত হৈছে মহাসপ্তমী। এই দিনটোত পুৱাই নৱপত্ৰিকা বা কলাবউক গা ধুওৱাৰ নিয়ম আছে। নৱপত্ৰিকা বা কলাবউ পূজাৰ চাৰিদিন গণেশৰ কাষতেই থাকে। মহাসপ্তমীতেই দুৰ্গাপূজাৰ ঘট স্থাপন কৰা হয়। কিন্তু কিয় নৱপত্ৰিকাক গণেশৰ পত্নী বুলি কোৱা হয়? কিয় সপ্তমীৰ পুৱাই নৱপত্ৰিকাক গা ধুওৱা হয়?
নৱপত্ৰিকা দুৰ্গাপূজাৰ এৰাব নোৱাৰা অংগ। ইয়াৰ অৰ্থ ৯ বিধ গছৰ পাত। বাস্তৱত নৱপত্ৰিকা নটা পাত নহয়, নবিধ উদ্ভিদ। এইসমূহ হৈছে কাদলী বা ৰম্ভা, কচু, হৰিদ্ৰা বা হালধী, জয়ন্তী, বিল্ব বা বেল, দাড়িম্ব বা দাড়িম, অশোক আৰু ধান। পাতসহ এজোপা কলগছ শিঁপাৰ সৈতে সামৰি এইকেইবিধ লতাও লগত বান্ধি ৰঙা বা বগা শাৰী পিন্ধাই গণেশৰ কাষত থিয় কৰাই পূজাৰ আটাইকেইটা দিনেই আৰাধনা কৰা হয়।
শাস্ত্ৰ অনুসৰি নৱপত্ৰিকাত ৯বিধ উদ্ভিদক দেৱী দুৰ্গাৰ ৯ বিশেষ ৰূপৰ প্ৰতিনিধি ৰূপে আৰাধনা কৰা হয়। এই ৯ ৰূপ হৈথে ব্ৰক্ষ্মাণী, কচ্বধিষ্ঠাত্ৰী কালিকা, হৰিদ্ৰাধিষ্ঠাত্ৰী উমা, জয়ন্ত্যধিষ্ঠাত্ৰী কাৰ্তিকী, বিল্মাধিষ্ঠাত্ৰী শিবা, দাড়িম্বাধিষ্ঠাত্ৰী ৰক্তদন্তিকা, অশোকাধিষ্ঠাত্ৰী শোকৰহিতা, মানাধিষ্ঠাত্ৰী চামুণ্ডা আৰু ধান্যাধিষ্ঠাত্ৰী লক্ষ্মী। এই নতুন দেৱীক একত্ৰে ‘নৱপত্ৰিকাবাসিনী নৱদুৰ্গা’ নামৰ নৱপত্ৰিকাবাসিন্যৈ নৱদুৰ্গায়ৈ নমঃ মন্ত্ৰৰে পূজা কৰা হয়।
সপ্তমীৰ দিনা পুৱা নৱপত্ৰিকাক কাষৰ কোনো নদী বা জলাশয় লৈ যোৱা হয়। পুৰোহিতে নিজেই কান্ধত লৈ যায় নৱপত্ৰিকাক। তাৰ পিছতেই ঢাকীয়ে ঢাক বজাই বজাই আৰু মহিলাসকলে শংখ উৰুলি দি মণ্ডপলৈ আনে। শাস্ত্ৰবিধি মানি গা ধুৱাই নৱপত্ৰিকাক এখন নতুন ৰঙা পাৰিৰ বগা শাৰী পিন্ধোৱা হয়। তাৰপিছতেই মণ্ডপলৈ আনি গণেশৰ কাষত বাওঁহাতে এখন কাঠৰ আসনৰ ওপৰত বহোওৱা হয়। পূজামণ্ডপত নৱপত্ৰিক প্ৰৱেশৰ মাধ্যমেৰে পূজাৰ মূল অনুষ্ঠানৰ সূচনা হয়। নৱপত্ৰিকাক গা ধুৱাই অনাৰ পাছৰে পৰা অন্য সকলৰ সমানেই নৱপত্ৰিকাকো পূজা কৰা হয়। একাংশৰ মতে নৱপত্ৰিকাৰ পূজা প্ৰকৃতপক্ষে শস্যদেৱীৰ পূজা। কৃষিনিৰ্ভৰ অৰ্থনীতিৰ এই দেশত ধৰ্মীয় ক্ৰিয়াকলাপৰ সৈতে কৃষিকৰ্ম জড়িত হৈ আছে। বিভিন্ন দুৰ্গাপূজাৰ বিধিত এই নৱপত্ৰিকাৰ বিভিন্ন বাখ্যা দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ