অসম লাইভ২৪ঃ দশভূজা দেৱী দুৰ্গা মহিষাসুৰমৰ্দিনী। তেওঁৰ দহোখন হাতত থাকে দহবিধ অস্ত্ৰ। নানান অস্ত্ৰৰে সজ্জিতা দেৱীয়ে অশুভ সংহাৰ কৰিবলৈকে দেৱী মৰ্ত্যলৈ আহে। মহিষাসুৰৰ অত্যাচাৰত যেতিয়া দেৱতাসকলে স্বৰ্গলোক ত্যাগ কৰিবলৈ বাধ্য হৈছিল তেতিয়াই এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ সকলোৱে দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল। কাৰণ ব্ৰহ্মাৰ বৰত কেৱলমাত্ৰ নাৰীয়েই তেওঁক বধ কৰিব পাৰিব। তেতিয়াই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মিলিত তেজেৰে সৃষ্টি হৈছিল মহামায়া দুৰ্গাৰ। সকলো দেৱতাই নিজৰ হাতৰ একোপাত অস্ত্ৰ দেৱীৰ হাতত তুলি দিয়ে। সকলো দেৱতাৰ অস্ত্ৰ লৈয়েই দেৱী সংহাৰৰূপীনি হিচাপে সজ্জিত হয়। দেৱীৰ দহোখন হাতত থকা প্ৰধান অস্ত্ৰসমূহ কি কি?
চক্ৰ
বিষ্ণুয়ে মহিষাসুৰক বধ কৰিবলৈ দেৱীৰ নিজৰ চক্ৰৰ পৰা নতুন এটা চক্ৰ তৈয়াৰ কৰি দান কৰিছিল। দেৱীৰ হাতত থকা এই চক্ৰই দৃঢ়তা আৰু সংহতিৰ প্ৰতীক বুজায়। দুৰ্গাৰ হাতত চক্ৰ থকাৰ অৰ্থ সমস্ত সৃষ্টিৰ কেন্দ্ৰত তেওঁ অৱস্থান কৰিছে।
ত্ৰিশূল
পাৰ্বতীক ত্ৰিশূল দান কৰিছিল স্বয়ং মহাদেৱে। মানুহৰ তিনিটা গুণ, সত্য, তমঃ, ৰজঃ ৰ প্ৰতীক হৈছে ত্ৰিশূলৰ তিনিটা ফাল। এই ত্ৰিশূল দিয়েই মহিষাসুৰক বধ কৰিছিল তেওঁ।
শঙ্খ
মহামায়াক শঙ্খ দান কৰিছিল বৰুণ দেৱে। শঙ্খৰ শব্দত স্বৰ্গ, মৰ্ত্য আৰু নৰকৰ সকলো অশুভ শক্তি দুৰ্বল হৈ পৰে।
বজ্র
দেৱীৰ হাতত বজ্ৰ তুলি দিছিল দেৱৰাজ ইন্দ্ৰই। নিজৰ বজ্ৰৰ পৰা আৰু এটা বজ্ৰ সৃষ্টি কৰি দেৱীক দান দিছিল ইন্দ্ৰই। এই বজ্ৰই দৃঢ়তা আৰু সংহতিৰ প্ৰতীক বুজায়।
গদা
দেৱী দুৰ্গাক গদা দান কৰিছিল যমৰাজে। গদাক কালদণ্ড বুলি কোৱা হয়। এই শক্তিয়ে আনুগত্য, ভালপোৱা আৰু ভক্তিৰ প্ৰতীক বুজায়।
তীৰ বা ধনু
পৱন দেৱতাই দুৰ্গাক দান কৰিছিল ধনু তীৰ। এই দুটাই ইতিবাচক শক্তিৰ প্ৰতীক। অসুৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত এই তীৰ ব্যৱহাৰ কৰিছিল দেৱী ভৱানীয়ে।
তলোৱাৰ
তলোৱাৰ হ’ল মানুহৰ বুদ্ধিৰ প্ৰতীক। যাৰ জোৰত সমস্ত বৈষম্য আৰু অন্ধকাৰক ছিন্ন কৰিব পৰা যায়। বুদ্ধিৰ ধাৰেৰে সমাজৰ সমস্ত বৈষম্য আৰু অশুভ শক্তিক বিনাশ কৰাৰ বাৰ্তা দিয়ে মা দুৰ্গাৰ হাতত থকা তলোৱাৰে।
ঘণ্টা
বিভিন্ন অস্ত্ৰৰ সৈতে দেৱীৰ হাতত থাকে এটা ঘণ্টা। পুৰাণ অনুসৰি দেৱৰাজ ইন্দ্ৰৰ বাহন হৈছে ঐৰাৱত। ঐৰাৱতেই দুৰ্গাক দান কৰিছিল বিশেষ ঘণ্টাটো। ঘণ্টা ধ্বনিয়ে অসুৰৰ তেজক দুৰ্বল কৰি দিয়ে।
পদ্ম
প্ৰজাপতিয়ে দেৱীৰ হাতত তুলিছিল এপাহ পদুম ফুল। দেৱীৰ আশীৰ্বাদতেই অন্ধকাৰ আঁতৰি পোহৰ বা আলোকৰ বাটেৰে বাট বুলাৰ কথা কয় পদুম পাহে। সেই শুভশক্তিৰ বাৰ্তাই দিয়ে পদুম ফুলপাহে।
সাপ
শেষনাগে মা দুৰ্গাক দিছিল নাগপাশ। এই সাপ হ’ল শুদ্ধ চেতনাৰ প্ৰতীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ