• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে ‘মহাকাশৰ পাৰমাণৱিক বোমা’

স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে ‘মহাকাশৰ পাৰমাণৱিক বোমা’

3 years ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

6 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

6 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

7 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

7 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

8 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

8 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

9 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

10 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

10 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

11 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

12 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে ‘মহাকাশৰ পাৰমাণৱিক বোমা’

editor by editor
September 26, 2023
in জীৱনশৈলী, বিশ্ব, লেখা, শিক্ষা
0
স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে ‘মহাকাশৰ পাৰমাণৱিক বোমা’
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বব্ৰহ্মাণ্ডত এনে বহু বিষয় আছে যিসমূহ আজিও উদঘাটন কৰিব পৰা হোৱা নাই। বিজ্ঞানীয়ে অহৰহ পৃথিৱীৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত গৱেষণা চলাই গৈছে। অত্যাধুনিক যন্ত্ৰপাতিৰ সহায়ত পৃথিৱীৰ ওপৰিও মহাকাশত থকা অন্যান্য গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰৰ ঠিকনা বিচাৰিছে বিজ্ঞানীয়ে। কিন্তু দূৰৰ জগত এতিয়াও অস্পষ্ট। কেইবা লাখ কিঃমিঃ দূৰত্বৰ পৰা আহিছে এইবাৰ ভয়ংকৰ খবৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মহাকাশতো এটা পৰমাণু বোমাৰ সন্ধান পাইছে। আগন্তুক দিনত পৃথিৱীৰ কাষলৈ আহিব বিশেষ পৰমাণু বোমাটো। আনকি পৃথিৱীৰ সৈতেও এই পৰমাণু বোমাৰ ধাক্কা লগাৰ সম্ভাৱনা আছে। মহাকাশৰ এই পৰমাণু বোমা প্ৰকৃততে এটা গ্ৰহাণুহে। বিজ্ঞানীসকলে এই গ্ৰহাণুটোৰ নাম দিছে ‘বেণু’। কেইবা আলোকবৰ্ষ দূৰৈৰ পৰা পৰা পৃথিৱীৰ দিশেৰে আগুৱাই আহিছে এই গ্ৰহাণু।

‘বেণু’ৰ নামকৰণ কৰা হৈছে এক কাল্পনিক পখীৰ নামেৰে। মিছৰৰ পুৰাণত এই পখীৰ নাম উল্লেখ আছে। সূৰ্য, সৃষ্টি আৰু পুনৰ্জন্মৰ সৈতে বেণুৰ বিশেষ সংযোগ আছে। সেই কাৰণে এই নামটোক বাছি লোৱা হৈছে। নাছাৰ বিজ্ঞানীৰ ধাৰণা, মহাকাশৰ এই গ্ৰহাণুতেই লুকাই আছে পৃথিৱী ধ্বংসৰ বীজ। যদি বেণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয় তেন্তে পৃথিৱীৰ সেই দিনটোৱেই হ’ব শেষ দিন। বেণুৱে খুন্দা মাৰিলে পৃথিৱীৰ ধ্বংস অনিবাৰ্য বুলিয়ে ক’ব পাৰি। নিউয়ৰ্কৰ ৩৮১ মিটাৰ ওখ এম্পায়াৰ ষ্টেট বিল্ডিঙতকৈয়ো ওখ এই গ্ৰহাণু। বহলে প্ৰায় ৫১০ মিটাৰ বহল। এই বিশাল পাথৰৰ খণ্ডৰ সৈতে পৃথিৱীৰ ধাক্কা লাগিলে কি হ’ব পাৰে তাৰ ধাৰণাও বিজ্ঞানীয়ে দিছে।

পৃথিৱীৰ সৈতে এই গ্ৰহাণুৰ ধাক্কা লাগিলে তাৰ পৰা ১২ হাজাৰ মেগাটন শক্তি নিঃসৃত হ’ব। পৃথিৱীত বৰ্তমান পৰ্যন্ত মানুহৰ দ্বাৰা তৈয়াৰ হোৱা শক্তিশালী পৰমাণু বোমাতকৈ ২৪ গুণ বেছি শক্তিশালী বিস্ফোৰণ ঘটাবলৈ সক্ষম এই বেণু। বিজ্ঞানীৰ গণনা অনুসৰি যদি বেণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষ হয় তেন্তে ২২ শতিকাত শেষত বা ২৩ শতিকাৰ আৰম্ভণিতে পৃথিৱী ধ্বংস হ’ব। ইতিমধ্যে বিজ্ঞানীয়ে সাম্ভাব্য তাৰিখো গণনা কৰি ওলিয়াইছে। ২১৮২ চনৰ ২৪ ছেপ্টেম্বৰৰ বিয়লীৰ ভাগত বেণু আৰু পৃথিৱীৰ মাজত সংঘৰ্ষ হ’ব। কিন্তু এই বেণুয়ে পৃথিৱীক খুন্দা মাৰিবই বুলি খাটাঙকৈ বিজ্ঞানীয়ে কোৱা নাই। খুন্দা মৰাৰ আশংকা তেনেই ক্ষীণ বুলিয়েই কৈছে নাছাৰ বিজ্ঞানীয়ে। ২৩০০ চনৰ ভিতৰত পৃথিৱীৰ সৈতে গ্ৰহাণুৰ ধাক্কা খোৱাৰ সম্ভাৱনা ১৭৫০ বাৰৰ মাজত মাত্ৰ এবাৰেই থাকে। সংঘৰ্ষৰ আশংকা ক্ষীণ হ’লেও সম্ভাৱনাও নুই কৰিব নোৱাৰি। বেণুৰ খুন্দা পৃথিৱীত নালাগিলেও নীলা গ্ৰহত বেণুৰ ধাক্কা লাগিব পাৰে। পৃথিৱীৰ পৰা বেণুৰ সাম্ভাৱ্য দূৰত্ব প্ৰায় ৭৫ লাখ কিঃমিঃ। মহাকাশৰ হিচাপত এই দূৰত্ব কিন্তু বৰ বেছি নহয়।

গ্ৰহাণু বেণুৰ হাতৰ পৰা পৃথিৱীৰ ৰক্ষা কৰিবলৈ ৰক্ষাকৱচ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে নাছাৰ বিজ্ঞানী। নাছাই গ্ৰহাণু সম্পৰ্কে তথ্য সংগ্ৰহ কৰাৰ বাবে মহাকাশলৈ বিশেষ যান প্ৰেৰণ কৰিছিল। যাৰ নাম আছিল ও-চিৰিছ-ৰেক্স। ২০১৬ চনত মহাকাশ পঠোৱা এই যানখনে বেণুক পৰ্যবেক্ষণ কৰি তথ্য সংগ্ৰহ কৰিছে। বিগত ৭ বছৰ ধৰি পৰ্যবেক্ষণ কৰাৰ পাছত পৃথিৱীলৈ ওভতি আহিছে যানখন। গ্ৰহাণুটোৰ পৰা নমুনা সংগ্ৰহ কৰি আনিছে নাছাৰ বিশেষ যন্ত্ৰই। বেণুৰ পৰা ২৮ গ্ৰাম মাটিৰ দৰে পদাৰ্থ সংগ্ৰহ কৰি আনিছে যানখনে। বিজ্ঞানীয়ে সেই নমুনা পৰীক্ষা কৰিব। সেই নমুনাৰ পৰাই বিজ্ঞানীয়ে বেণুৰ ক্ষমতা সম্পৰ্কে জানিব পাৰিব। নমুনা লৈ আমেৰিকাৰ উটা মৰুভুমিত লেণ্ডিং কৰিছে ওছিছি ৰেক্সে। তেওঁলোকৰ দাবী যে ইয়াৰ পূৰ্বে মহাকাশৰ পৰা এনেধৰণৰ নমুনা কোনো দেশৰ মহাকাশ বিজ্ঞানীয়ে আনিবলৈ সক্ষম হোৱা নাই। চন্দ্ৰৰ মাটিৰ নমুনাও পোনতে নাছাৰ বিজ্ঞানীয়েই আনিছিল। নাছাৰ এপল মিছনত চন্দ্ৰৰ মাটি অনা হৈছিল। ২০২৩ চনৰ ১১ অক্টোবৰত বেণুৰ পৰা অনা মাটিৰ নমুনা পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব নাছাৰ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
Next Post
আকৌ মহামাৰী! কৰ’নাতকৈ ৭ গুণ বেছি প্ৰাণঘাতী হৈ উঠিব পাৰে ‘ডিজিজ এক্স’

আকৌ মহামাৰী! কৰ’নাতকৈ ৭ গুণ বেছি প্ৰাণঘাতী হৈ উঠিব পাৰে 'ডিজিজ এক্স’

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.