• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

3 years ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

8 minutes ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

33 minutes ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

1 hour ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

2 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

2 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

3 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

4 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

4 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

5 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

5 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

editor by editor
September 26, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, লেখা
0
কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত ঘৰ এৰিছিল, বলীউডত ব্যৰ্থতাই অৱসাদ আনিছিল, ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ প্রথম শাৰীৰ অভিনেত্ৰীৰ মাজত তেঁৱো আছে। বায়েকো অভিনয়ক্ষেত্ৰৰ নামজ্বলা অভিনেত্ৰী। কিন্তু কেৰিয়াৰ গঢ়ি তুলিলে সম্পূৰ্ণ ভিন্ন ক্ষেত্ৰত। পৃথক ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ বাবেই ঘৰৰ পৰাও আঁতৰি গৈছিল ১৭ বছৰ বয়সতে। পোনতে অভিনয় নকৰো ভাৱিও আকৌ অভিনয় ক্ষেত্ৰলৈ উভতি অহাৰ পাছত কোনো ছবিতেই তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে। এখনৰ পাছত আনখন ফ্লপ ছবিৰ পাছতেই মানসিকভাৱে ভাঙি পৰিল পৰিণীতি চোপ্ৰা। বহুদিন ধৰি তেওঁ বলীউডৰ পৰাও সন্যাস গ্ৰহণ কৰি শেষলৈ আকৌ বলীউডত ভুমুকি মাৰিছিল। তেনেতেই তেওঁৰ জীৱনলৈ ৰাঘৱ চাড্ডাৰ আগমন।

ৰাঘৱৰ সৈতে প্ৰেমৰ কথাবোৰ ভাইৰেল হৈছিলহে মাত্ৰ হঠাতেই দুয়োৱে আয়োজন কৰে বাগদান অনুষ্ঠানৰ। তাৰপিছতেই বিগত দেওবাৰে বিবাহপাশত আৱদ্ধ হয় ৰাঘৱ-পৰিণীতি। কেৰিয়াৰত সফল নহ’লেও পৰিণীতিৰ উপাৰ্জন কিন্তু অইন বলীউড অভিনেত্ৰীতকৈ কম নহয়। বলীউডৰ প্ৰথমশাৰীৰ অভিনেত্ৰীৰ সৈতে অৰ্থৰে তেওঁ ফেৰ মাৰিব পাৰে। অভিনয়ত সফল নহ’লেও তেওঁ বিজ্ঞাপনেৰেই মাহিলী বহু পৰিমাণৰ অৰ্থ উপাৰ্জন কৰে।

১৯৮৮ চনৰ ২২ অক্টোবৰত হাৰিয়ানাৰ অম্বালায়ত জন্ম পৰিণীতিৰ। হাৰিয়ানাৰ বিদ্যালয়তে শিক্ষাজীৱন আৰম্ভ হৈছিল পৰিণীতিৰ। উচ্চশিক্ষাৰ বাবে তেওঁ পাছলৈ লণ্ডনলৈ যায়। সৰুৰে পৰাই পঢ়াশুনাত চোকা আছিল পৰিণীতি। দ্বাদশ শ্ৰেণী পৰ্যন্ত পৰীক্ষাত তেওঁ প্ৰথম হৈছিল। আনকি এটা পৰীক্ষাত শীৰ্ষ স্থান অধিকাৰ কৰাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পেটেলৰ পৰা পুৰস্কাৰো লাভ কৰিছিল পৰিণীতিয়ে। ১৭ বছৰ বয়সতেই লণ্ডনলৈ গৈছিল পৰিণীতি। মাঞ্চেষ্টাৰ বিজনেছ স্কুলত ব্যৱসায়, অৰ্থনীতি আৰু বিনিয়োগ সংক্ৰান্তীয় বিষয়ত ডিগ্ৰী লয় পৰিণীতিয়ে। এটা দুটা নহয়, পৰিণীতি তিনিটাকৈ বিষয়ত স্নাতক ডিগ্ৰীধাৰী। তাতো গানবাজনা লৈয়েই ব্যস্ত হৈ পৰে পৰিণীতি। কলেজত পঢ়াশুনা শেষ কৰি লণ্ডনৰে এটা ফুটবল ক্লাবতো কিছুদিন কাম কৰে পৰিণীতিয়ে। সেই ক্লাবত কাম কৰোতে পৰিণীতিয়ে খেলুৱৈসকলক খাদ্য যোগান ধৰা কাম কৰিছিল। পৰিণীতিৰ সপোন আছিল বেংকাৰ হোৱাৰ। কলেজৰ পঢ়া শুনা সামৰি লণ্ডনতেই চাকৰিও বিচাৰে পৰীয়ে। কিন্তু ২০০৯ চনত ব্ৰিটেইনৰ অৰ্থনৈতিক মন্দৱস্থাৰ সময়ত ব্যক্তিগত খণ্ডৰ চাকৰিসমূহত প্ৰভাৱ পৰে। চাকৰি বিচাৰি পৰীয়ে কোনো সুবিধাজনক চাকৰি লাভ নকৰি পুনৰ দেশলৈ উভতি আহে। মুম্বাইলৈ উভতি আহিয়েই বলীউডৰ খ্যাতনামা প্ৰযোজক সংস্থা যশৰাজ ফিল্মছ দফতৰৰ জনসংযোগ পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে পৰিণীতিয়ে।

২০১০ চনত মুক্তিপ্ৰাপ্ত ‘বেণ্ড বাজা বাৰাত’ ছবিৰ প্ৰচাৰৰ দায়িত্বও লৈছিল পৰিণীতিয়ে। সেই সময়তেই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে পৰী। প্ৰযোজক সংস্থাৰ চাকৰি এৰি পৰীয়ে অভিনয় শিকিবলৈ প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্তি হয়। ২০১১ চনত মুক্তিপ্ৰাপ্ত ‘লেডিছ ভাৰ্চেছ ৰিকি ভেল’ ছবিত পাৰ্শ্বচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বক্স অফিচত ছবিখনে বিশেষ ব্যৱসায় কৰিব নোৱাৰিলে। ২০১২ চনত যশৰাজ ফিল্মছ প্ৰযোজক সংস্থাই মুকলি কৰে ‘ইছকজাদে’। এই ছবিত মুখ্যচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বনী কাপুৰৰ পুত্ৰ অৰ্জূন কাপুৰে পৰীৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিতেই বিশেষ ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল পৰিণীতিয়ে। তাৰপিছতেই শুদ্ধ দেশী ৰোমান্স, হাঁছি তৌ ফাঁছি’ৰ দৰে ৰোমাণ্টিক ছবিতো অভিনয় কৰিছে পৰীণীতিয়ে। এই দুখন ছবি হীট নহ’লেও ভালেই ব্যৱসায় কৰিছিল বক্স অফিচত। ২০১৪ চনৰ শেষৰ ফালে আৰু ২০১৫ চনৰ মাজৰ ভাগত পৰিণীতিৰ কেৰিয়াৰ সূৰ্য অস্তমিত হৈ পৰে। সেই সময়ত পৰিণীতিয়ে যিকেইখন ছবিত অভিনয় কৰিছে আটাইকেইখনেই ফ্লপ।

এটা পুৰণা সাক্ষাৎকাৰত পৰিণীতিয়ে কৈছিল, ‘এটাৰ পাছত আনখন ছবিয়ে বক্স অফিচত বেয়া ব্যৱসায় কৰাৰ বাবে মই খুব হতাশো হৈছিলো। মানসিক অৱসাদত ভুগিছিলো। ডেৰ বছৰ মোৰ জীৱনৰ খুবেই বেয়া সময়। পেছাগত দিশত মই খুবেই ভাঙি পৰিলো। মোৰ হাতত ধনো ইমান নাছিল। আৰ্থিক সংকট আহিছিল। যি ধন আছিল সেই ধনেৰে ঘৰ ক্ৰয় কৰি লৈছিলো। ব্যক্তিগত জীৱনতো বহু দিশৰ পৰা অশান্তি আহিছিল। জীৱনত ইতিবাচক একোৱেই নাছিল।’

পৰিণীতিয়ে জীৱনৰ বেয়া সময়ৰ বৰ্ণনা দি কয়,’খোৱাবোৱাও বন্ধ কৰি দিছিলো। অভাৱী সময়ত বন্ধুৰ লগো পোৱা নাছিলো। মই নিজকে পৰিয়ালৰ পৰাও আঁতৰাই ৰাখিছিলো। প্ৰায় দুসপ্তাহ মানত ঘৰলৈ ফোন কৰিছিলো। ঘৰৰ চাৰিদেৱালৰ পৰা পাৰ হোৱা বাদেই দিছিলো। ঘৰত বহি টিভি চাওঁ। শুও, শোৱাৰ পৰা উঠি নিত্য নৈমিত্তিক কাম। অসুস্থও হৈ পৰিছিলো। ছমাহ কোনো পাৰ্টী বা মিডিয়াত বাইট দিবলৈকো ওলোৱা নাছিলো।’

পৰিণীতিক সেই সময়ত কেৱল এজন ব্যক্তিয়েই সহায় কৰিছিল। পৰিণীতিৰ ভাতৃ ছাহেজে তেওঁক সেই অৱসাদৰ পৰা ওলাই অহাত সহায় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীৰ কথাও উল্লেখ কৰে। পৰীয়ে কয়, ‘মোৰ ভাতৃ ছাহেজে সেই সময়ত মোক সংগ দিছিল। সিয়েই একমাত্ৰ মানুহ যাৰ সৈতে মই কথা পাতিছিলো। অৱশ্যে বান্ধৱী সঞ্জনাইয়ো মোৰ সেই সময়ত লগ দিছিল। দিনত ১০-১২ বাৰ মই কেৱল কান্দিছিলো। ডেৰ বছৰ তেনেকৈ কটোৱাৰ পাছত ২০১৬ চনত ধীৰে ধীৰে কথাবোৰ সলনি হোৱা যেন অনুভৱ হ’ল। ২০১৬ চনত হাতলৈ কেইটামান কাম আহে।’ ‘মেপি প্যাৰি বিন্দু’ আৰু ‘গুলমাল এগেইন’ ছবিত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে পৰিণীতিয়ে।

দুখন ছবিৰ কাম পোৱাৰ পাছত মানসিকভাৱে কিছু শক্তিশালী হৈ পৰে পৰী। তেতিয়াই শৰীৰচৰ্চাৰ দিশতো মনোনিৱেশ কৰে পৰীয়ে। বলীউডত কেৰিয়াৰ আৰম্ভ কৰোতে চেহেৰাক লৈয়ো কটাক্ষৰ সন্মুখীন হৈছিল পৰী। মুখৰ গঢ়, ওজন সকলোবোৰক লৈ নানান কু মন্তব্যও শুনিব লগা হৈছিল পৰীয়ে। বলীউডত কটাক্ষৰ স্বীকাৰ হৈ শৰীৰচৰ্চাৰ মাধ্যমেৰে ২৮ কিঃগ্ৰাঃ ওজন কমাইছিল অভিনেত্ৰী পৰীয়ে। বৰ্তমান নতুন সংসাৰক লৈ ব্যস্ত হৈ পৰিছে পৰিণীতি। ইয়াৰোপৰি অক্টোবৰত তেওঁৰ নতুন ছবিয়ে মুক্তি লাভ কৰিব। ৬ অক্টোবৰত মুক্তিলাভ কৰিব তেওঁৰ ছবিয়ে। টিনু সুৰেশ দেশাইৰ পৰিচালনাত মুক্তি লাভ কৰিব মিছন ৰানীগঞ্জে। এই ছবিত পৰিণীতিৰ সৈতে অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
Next Post
জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

জন্মদিনত প্ৰাক্তনলৈ শুভেচ্ছা মোদীৰ, মনমোহন সিঙক ওপজা দিনৰ শুভেচ্ছা জনাই কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

৫১ মিনিটৰ ভাষণত ৪৪ বাৰেই কংগ্ৰেছৰ নাম ল’লে মোদীয়ে! উন্নয়নৰ শ্লোগান দিবলৈ উন্নয়ন একো নাই নেকি বুলি প্রশ্ন কংগ্ৰেছ নেতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.