আপুনি মাহিলী উপাৰ্জন বা ছেলাৰী ১ লাখ টকা৷ তেন্তে ১ লাখৰ ভিতৰত আপুনি কিমান বিনিয়োগ কৰাটো ভাল? প্ৰথমে আপুনি দৰমহাৰ ৫০শতাংশ অৰ্থাৎ ৫০ হাজাৰ টকা প্ৰয়োজনীয় খৰচ কৰক৷ ইয়াৰ মাজত ঘৰ ভাড়া, ৰেচন, পাচলি, বিদ্যুৎ বিল আৰু মোবাইল ইণ্টাৰনেট অন্যান্য দৈনন্দিন প্ৰয়োজনীয় খৰচ সামৰি লওক৷ এই অংশ আপুনি কোনো কাৰণতে কমাই নিদিব৷ কাৰণ এইসমূহ আপোনাৰ জীৱনৰ মৌলিক চাহিদা৷ বাকী কিমান বিনিয়োগ কৰিব?
৫০ হাজাৰ বাদ দি আপুনি আপোনাৰ দৰমহাৰ ৩০ শতাংশ অৰ্থাৎ ৩০ হাজাৰ টকা ব্যক্তিগত খৰচ বা বিনোদনৰ বাবে সাঁচি ৰাখক৷ ইয়াৰ মাজত বাহিৰলৈ ফুৰিবলৈ যোৱা, শ্বপিং কৰা, বন্ধুৰ সৈতে খোৱাবোৱা, চিনেমা চোৱা, নতুন পোছাক কিনা বা কোনো চখ পূৰণত খৰচ কৰক৷ এই অংশটোলে আপোনাক মানসিক আনন্দ দিব আৰু জীৱন উপভোগত সহায় কৰিব৷ ইয়াক নিয়ন্ত্ৰণত ৰখা জৰুৰী যাতে এই খৰচ বাঢ়ি নাযায়৷
ইয়াৰপাছতেই সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে দৰমহাৰ ২০ শতাংশ অৰ্থাৎ প্ৰতিমাহে ২০ হাজাৰ টকা বিনিয়োগ কৰক৷ ই নূন্যতম পৰিমাণ, যি আপুনি বিনিয়োগ কৰাটো অতিকৈ প্ৰয়োজন৷ আপুনি যদি ইয়াতকৈ বেছিও সঞ্চয় কৰিব পাৰে তেন্তে কোনো বেয়া ফল নাপায়৷ অন্তত ২০ হাজাৰ টকা বিনিয়োগ কৰিবই৷ এই টকা এক স্থানতে বিনিয়োগ নকৰি বিভিন্ন মাধ্যমত ভাগ কৰি বিনিয়োগ কৰাটো বুদ্ধিমানৰ কাম৷ যাতে ধন হেৰুওৱাৰ কোনো আশংকা নাই৷ সুদ কম পালেও যাতে ৰিটাৰ্ণৰ গেৰেণ্টি থাকে৷ যেনে আপুনি ল’ব পাৰে SIP, PPF, RD আদি৷
দৰমহা যিমানেই নহওক কিয় বিনিয়োগ অত্যন্ত জৰুৰী৷ ইয়াত অৱসৰকাল, সন্তানৰ পঢ়াশুনা, বিবাহ বা কোনো জৰুৰী পৰিস্থিতিত আৰ্থিক সমস্যাত সহায়ক হোৱাকৈ এই ধন ৰখা জৰুৰী৷ কোনো কোনোৱে ভাৱে যে কম উপাৰ্জনত ধন ৰখাটো সমীচিন নহয়৷ কিন্তু দৰমহা যিমানেই নহওক কিয় তাৰপৰাই আপুনি ক্ষুদ্ৰ পৰিমাণত হলেও ধন জমা কৰাৰ অভ্যাস গঢ়ি তুলিলে সেয়া আপোনাৰ বাবেই উপকাৰী হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ