নতুন বছৰৰ পুৱাই দেশৰ এই ঠাইত ভূমিকম্প, ২৪ বছৰ পূৰ্বে অহা এনে ভূমিকম্পতেই ধ্বংস হৈছিল চহৰখন
নৱবৰ্ষৰ পহিলা দিনটোতে পুৱাই গুজৰাটৰ কচ্চত ভূমিকম্পৰ কম্পন অনুভুত হৈছে। গুজৰাটৰ কচ্চ জিলাত বুধবাৰে পুৱা ৩.২ প্ৰাবল্যৰ ভূমিকম্প আহে।
জিলা প্ৰশাসনে জনোৱা মতে, এই ভূমিকম্পত কোনো ধৰণৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই। গান্ধীনগৰস্থিত আই এছ আৰৰ তথ্য অনুসৰি পুৱা ১০.২৪ বজাত এই ভূমিকম্প আহে, যাৰ কেন্দ্ৰবিন্দু ভাচাউৰ পৰা ২৩ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত।
উল্লেখ্য যে, বিগত মাহ ডিচেম্বৰত ৩ ৰিখটাৰ স্কেলতকৈ অধিক মাত্ৰাৰ ৪ চাৰিটা ভূমিকম্পই জোকাৰি হৈছিল কচ্চ উপকুল। মাথো তিনিদিন পূৰ্বে সংঘটিত হোৱা ৩.২ মাত্ৰাৰ ভূমিকম্পকে ধৰি একেটা মাহতে ৩.২ প্ৰাবল্যৰ ভূমিকম্পকে ধৰি অঞ্চলটোত মুঠ চাৰিটা ভূমিকম্পৰ কাৰ্যকলাপ ৰেকৰ্ড কৰা হৈছিল।
আই এছ আৰৰ তথ্য অনুসৰি ২৩ ডিচেম্বৰত জিলাখনত ৩.৭ প্ৰাবল্যৰ ভূমিকম্প আৰু ৭ ডিচেম্বৰত ৩.২ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল।
২৪ বছৰ পূৰ্বেও এনেধৰণৰ ভূমিকম্পৰ বাবে গুজৰাটত ধ্বংসলীলা হৈছিল। ২০০১ চনৰ পহিলা মাহটোৰে ২৬ জানুৱাৰীত সংঘটিত হোৱা কচ্চ উপকুলৰ ভূমিকম্পটো বিগত দুটা শতিকাত ভাৰতত সংঘটিত হোৱা তৃতীয় বৃহত্তম আৰু দ্বিতীয় বিধ্বংসী ভূমিকম্প আছিল।
চহৰ আৰু গাঁও প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল সেই ভূমিকম্পত, প্ৰায় ১৩,৮০০ লোকৰ মৃত্যু হোৱাৰ লগতে ১.৬৭ লাখ লোক আহত হৈছিল সেই ভুমিকম্পত। আজিৰ দিনটো সেই ধ্বংসলীলা কোনেও পাহৰিব পৰা নাই।
গুজৰাটত যেতিয়াই ভূমিকম্পৰ কম্পন অনুভৱ হয়, তেতিয়াই ২০০১ চনৰ বিধ্বংসী পৰিস্থিতিৰ কথা মনত পেলাই মানুহে ভয় খায়। আজিয়ো পুৱাই অহা ভূমিকম্পই মানুহক শংকিত কৰি তোলে ক্ষণিকৰ বাবে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















