শৰীৰত এই অসুবিধা আছে নেকি? এই ৬শাৰীৰিক অসুবিধাত ভূগি থকা লোকে দৈনিক খাব পাৰে কণী৷ শৰীৰত কি কি সমস্যা থকা লোকে দৈনিক কণী খাব? কণীক উৎকৃষ্ট প্ৰটিন বুলি কোৱা হয়৷ যদি আপুনি দৈনিক কণী সেৱন কৰে তেন্তে আপোনাৰ শৰীৰে বহুতো উপকাৰ লাভ কৰিব পাৰে। ব্ৰেকফাষ্টত কণী আটাইতকৈ বেছি খোৱা খাদ্য সামগ্ৰী।
কণীত ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ৰাইবোফ্লেভিন আৰু ফলেটৰ লগতে চেলেনিয়াম, আয়’ডিন, ফছফৰাছ আৰু জিংক আদি গুণ থাকে, যিয়ে শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।
কণী খোৱাৰ উপকাৰিতা
পেশীঃ কণীক প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয়, যিয়ে শৰীৰৰ পেশীৰ বৃদ্ধি আৰু পেশী শক্তিশালী কৰাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত হয়।
হৃদযন্ত্ৰঃ কণীত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে৷
চকুঃ কণীত লুটিন আৰু জিএক্সান্থিন থাকে, যিয়ে চকুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু ই চকুৰ ছানি পৰাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
মেদবহুলতাঃ কণী খোৱাৰ ফলত আমি দীৰ্ঘদিনলৈ ভোক অনুভৱ নকৰাকৈ থাকো, যাৰ বাবে আমি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকো আৰু ওজন নিয়ন্ত্ৰণ কৰিব পাৰো।
স্মৃতিশক্তিঃ কণীত কলিন থাকে, যিয়ে মগজুৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। যদি আপুনি মগজুৰ শক্তি বৃদ্ধি কৰিব বিচাৰে তেন্তে আপুনি কণী খাব পাৰে।
হাড়ঃ কণীত ভিটামিন ডি থাকে৷ কণী খালে হাড় মজবুত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















