আজিকালি ঘৰে ঘৰে কলষ্ট্ৰেৰলৰ সমস্যা৷ কলষ্ট্ৰেৰল ধৰা পৰিলে খোৱা বোৱাৰ পৰিবৰ্তন ননাকৈ নাথাকিব৷ কণী খালে বহুতেই হালধীয়া অংশটো খাবলৈ ভয় কৰে৷ কুহুম খালে তেজত কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ কণী ফ্ৰাই কৰি খোৱাটোতো অত্যন্ত বেয়া৷ কিন্তু শৰীৰত কোনো সমস্যা নাথাকিলে কণীৰ কুহুম খাব পাৰিনে? কণীত প্ৰটিন, ভিটামিন, মিনাৰেল, ফেট আছে৷ আপোনাৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কণীৰ কুহুম খাব নে বগা অংশ খাব? পূৰ্বেই জানি থওক কুহুমৰ উপকাৰীতা কি কি?
কণীৰ বগা অংশৰ পৰা শৰীৰে কি কি উপাদান লাভ কৰে?
১. কণীৰ বগা অংশত কেলৰীৰ পৰিমাণ কম৷ ওজম কমাবলৈ কণীৰ বগা অংশ খাব পাৰে৷
২. কণীৰ বগা অংশতো প্ৰটিন থাকে৷ আনকি কণীৰ বগা অংশত এমিনো এছিড থাকে, যিয়ে দেহত একাধিক শৰীৰবৃত্তীয় কামত সহায় কৰে৷ বিশেষকৈ পেশীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
৩. কণীৰ বগা অংশত কোনোধৰণৰ কলষ্ট্ৰেৰল নাথাকে৷ যাৰ উচ্চ কলষ্ট্ৰেৰলৰ সমস্যা আছে তেওঁলোকে কণীৰ বগা অংশটো নিশ্চিন্তমনে খাব পাৰে৷
কণীৰ কুহুমৰ উপকাৰিতা কি কি?
১. কণীৰ কুহুমৰ মাজত কেলৰি আছে৷ ইয়াৰোপৰি কণীৰ কুহুমত ভিটামিন এ, ডি, ই, কে আৰু বি, আয়ৰণ, ফছফৰাছ, জিংকৰ দৰে পুষ্টি পোৱা যায়৷ এইসকলো পুষ্টিয়ে শৰীৰক সুস্থ ৰখাৰ বাবে অপৰিহাৰ্য৷
৩. সকলো ফেটেই বেয়া নহয়৷ হাৰ্টৰ স্বাস্থ্যৰ বাবে ভাল ফেটৰো প্ৰয়োজন৷ স্বাস্থ্যকৰ ফেট অৰ্থাৎ পৰিআনছুৰেটেড আৰু মনোএনচুৰেটেড কণীৰ কুহুমত পোৱা যায়৷ কিন্তু অত্যধিক পৰিমাণে কণীৰ কুহুম খালে কলষ্ট্ৰেৰল বাঢ়ি যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ