বহু মহিলাই ঋতুস্ৰাৱৰ সময়ত পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে। কিন্তু কিছুমান ক্ষেত্ৰত এই বিষ অত্যধিক হৈ উঠে।
বহুক্ষেত্ৰত ঋতুস্ৰাৱৰ পাঁচৰ পৰা সাত দিন আগতে বিষ হয়। চিকিৎসকৰ মতে এইবোৰ এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ হ’ব পাৰে। এই ৰোগত আক্ৰান্ত হ’লে সন্তান জন্মৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। গতিকে যদি আপুনি এই ৰোগৰ লক্ষণ দেখা পায় তেন্তে আপুনি অধিক সাৱধান হ’ব লাগিব।
লগতে পঢ়ক এক শােকাৱহ পথ দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু
কি এই ৰোগ?
জৰায়ুৰ ভিতৰৰ এটা তৰপ হ’ল এণ্ড’মেট্ৰিয়াম। জৰায়ুৰ এই এণ্ডোমেট্ৰিয়াম অংশৰ মাত্ৰা কমিলে প্ৰতিমাহে ঋতুস্ৰাৱ হয়। সেই তেজ প্ৰসৱৰ যোগেদি জৰায়ুৰ পৰা ওলাই দেহৰ পৰা বাহিৰ হৈ যায়।
কিন্তু যদি এণ্ডোমেট্ৰিয়াম জৰায়ুৰ বাহিৰলৈ, পেটৰ তলৰ কোনো অংশলৈ বা শৰীৰৰ কোনো অংশলৈ গতি কৰে, তেন্তে ইয়াক এণ্ডোমেট্ৰিয়াছিছ বোলা হয়। যেতিয়া এণ্ডোমেট্ৰিয়াম শৰীৰৰ আন এটা অংশলৈ যায়, তেতিয়া সেই তৰপটো সৰিলে যি ৰক্তক্ষৰণ হয়, সেইখিনি জমা হ’বলৈ আৰম্ভ কৰিব নোৱাৰে আৰু তাতেই ক্ল’ট গঠন হ’বলৈ আৰম্ভ কৰে। চাৰিওফালৰ কোষবোৰৰ ওপৰত চাপ জমা হয়।
লগতে পঢ়ক এইবাৰ হিন্দু পণ্ডিত নহয়, জম্মু-কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকক হত্যা
ইয়াৰ ফলত আলচাৰ হোৱাৰ সম্ভাৱনা সৃষ্টি হয়। ডিম্বাশয়ৰ গুৰি, পেটৰ তলৰ অংশ, মূত্ৰাশয় আৰু নিৰ্গমন নলীত এণ্ডোমেট্ৰিয়াম বেছিকৈ দেখা যায়। এই ৰোগক এণ্ডোমেট্ৰিয়াছিছ বোলা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ