সৌন্দৰ্য বৰ্ধন আৰু বয়সৰ চাপ ৰুদ্ধ কৰিবলৈ তেওঁ কি কি কৰা নাই! সৌন্দৰ্য বদ্ধি আৰু বয়সৰ চাপ ৰুদ্ধ কৰিবলৈ তেওঁ সকলোবোৰকেই কৰিছে৷
কেতিয়াবা কটাৰী আৰু কেঁচি ব্যৱহাৰ কৰি নিতম্ব আকাৰ বৃদ্ধি কৰে, কেতিয়াবা মৌমাখিৰ ডং উতলাই মুখত ঢালি যৌৱনকাল ধৰি ৰাখিবলৈ চেষ্টা কৰে, কেতিয়াবা ষ্টেম চেল থেৰাপীৰে ছালখন টান কৰে।
নিজৰ লুকটো চিকচিকিয়া কৰি ৰাখিবলৈ বজাৰত কোনো প্ৰযুক্তিগত পদ্ধতি নাই যিবোৰ তেওঁ এবাৰলৈও ব্যৱহাৰ কৰা নাই৷ নিজৰ সৌন্দৰ্য আৰু বয়সৰ চাপ ধৰি ৰাখিবলৈ উপলব্ধ সকলোবোৰ পদ্ধতিকে ব্যৱহাৰ কৰা এই তাৰকাগৰাকী হৈছে কিম কাৰ্দাছিয়ান৷
লগতে পঢ়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড : মুখ খুলি কি ক’লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে?
এই কিম কাৰ্দাছিয়ানে বয়সৰ চাপ ধৰি ৰাখিবলৈ যিকোনো কামেই কৰিব পাৰে! সেই কথা তেওঁ নিজে প্ৰকাশ কৰি অহাই নহয় বিশ্বাসও কৰি আহিছে।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ ধেমালিতে কৈছিল, ‘‘মল আৰু প্ৰস্ৰাৱ খাইও যদি মই যৌৱন ধৰি ৰাখিব পাৰিলোহেঁতেন তেন্তে মই প্ৰতিদিনে এই খাদ্য খালোঁহেঁতেন!’’
কিমৰ এই সাক্ষাৎকাৰৰ পিছতে কথাটোক লৈ নেটজেনসকল স্তম্ভিত হৈ পৰিছে।
লগতে পঢ়ক এক শােকাৱহ পথ দুৰ্ঘটনা, অগ্নিদগ্ধ হৈ ৭ জনৰ মৃত্যু
তাকে লৈ তেওঁলোকে কিমক উপহাস কৰিবলৈ আৰম্ভ কৰিছে। সাক্ষাৎকাৰটো পঢ়াৰ পিছত কোনোবাই মন্তব্য কৰিলে, ‘‘চেহেৰাৰ বাবে কিমে আৰু কি যে কৰিব নোৱাৰে!’’ কোনোবাই ক’লে, ‘‘মই ভাবো তেওঁ এইবোৰ ইতিমধ্যে খাইছে।’’ তাৰ পিছত কিছুমানে প্ৰশ্ন কৰিছে যে লুকটোৰ বাবে তাই কিমান মল খাবলৈ সাজু আছে?
বজাৰত কিমৰ নিজা কিছুমান প্ৰসাধন সামগ্ৰীও আছে। তেওঁৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰীক লৈও এতিয়া বহুতে কটাক্ষ তথা উপহাস কৰা পৰিলক্ষিত হৈছে৷ বহুতে কৈছে কিমে তেওঁৰ প্ৰসাধন সামগ্ৰীসমূহক মল-মূত্ৰৰ দ্বাৰাই প্ৰস্তুত কৰা নাইতো!!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ