কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ অনুমোদিত সীমা অতিক্ৰম কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাই ধাৰাবাহিক চাহ ঘূৰাই দিছে বুলি ভাৰতীয় চাহ ৰপ্তানিকাৰক সন্থাৰ সভাপতি অংশুমান কানেৰিয়াই জনাইছে।
বিশ্ব চাহ বজাৰত শ্ৰীলংকাৰ অৱস্থান দুৰ্বল হোৱাৰ লগে লগে ভাৰতীয় চাহ ব’ৰ্ডে ৰপ্তানি বৃদ্ধি কৰিবলৈ বিচাৰিছে যদিও বহু দেশে চালান প্ৰত্যাখ্যান কৰাৰ বাবে ৰপ্তানিৰ পৰিমাণ হ্ৰাস পাইছে।
কানেৰিয়াই পিটিআইক জনোৱা মতে দেশত বিক্ৰী হোৱা সকলো চাহ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ নীতি-নিয়ম মানি চলিব লাগে। কিন্তু বেছিভাগ ক্ৰেতাই এনে চাহ ক্ৰয় কৰিছে য’ত অস্বাভাৱিকভাৱে অধিক ৰাসায়নিক পদাৰ্থ থাকে।
লগতে পঢ়ক বয়সৰ চাপ ৰোধ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে মল-মূত্ৰ খাবলৈ সাজু কোন এই তাৰকা?
কানেৰিয়াই আৰু আঙুলিয়াই দিয়ে যে আইন মানি চলাৰ পৰিৱৰ্তে বহু লোকে চৰকাৰক এফএছএছএ আইৰ নীতি-নিয়মসমূহ অধিক উদাৰ কৰি তুলিবলৈ আহ্বান জনাইছে যদিও ই ভুল সংকেত দিব কাৰণ এই পানীয়টোক স্বাস্থ্যসন্মত পানীয় বুলি গণ্য কৰা হয়।
কানেৰিয়াই লগতে আৰু কয় যে বহু দেশে চাহৰ ক্ষেত্ৰত কঠোৰ নিয়ম মানি চলিছে। বেছিভাগ দেশেই ইউৰোপীয় ইউনিয়নৰ মানদণ্ড মানি চলে যিবোৰ FSSAIৰ নিয়মতকৈ অধিক কঠোৰ।
লগতে পঢ়ক যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!
কানেৰিয়াই কয় যে ২০২১ চনত ভাৰতে ১৯৫.৯০ মিলিয়ন কেজি চাহ ৰপ্তানি কৰিছিল। প্ৰধান ক্ৰেতা আছিল কমনৱেলথ অৱ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ (CIS) দেশ আৰু ইৰাণ। এইবাৰ ৩০ কোটি কেজি চাহ ৰপ্তানি কৰাৰ লক্ষ্য লৈছে ব’ৰ্ডৰ। ২০২১ চনত ভাৰতে ৫২৪৬.৮৯ কোটি টকাৰ চাহ ৰপ্তানি কৰিছে।
ইফালে তুৰস্কে ৫৬৮৭৭ টন ভাৰতীয় ঘেঁহু ঘূৰাই দিছে। তুৰস্কই ফাইটোচেনিটেৰী চিন্তাৰ ভিত্তিত ভাৰতীয় ঘেঁহুৰ চালান নাকচ কৰি ভাৰতলৈ ঘূৰাই পঠিয়াই দিয়ে। তুৰস্কই ইয়াৰ আঁৰৰ কাৰণ দাঙি ধৰিছে যে ভাৰতীয় ঘেঁহুত ৰুবেলা ভাইৰাছ পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ