অসম লাইভ২৪ঃ মাত্ৰ ১২০ টকাতেই ঘূৰিল ভাগ্যৰ চকা৷ ৰাজমিস্ত্ৰি হৈ পৰিল কোটিপতি৷ সংসাৰ চলাবৰৈ ৰাজমিস্ত্ৰিৰ কাম কৰিছিল৷ কিন্তু কোটিপতি হোৱাৰ সপোন দেখিবলৈ পাহৰা নাছিল সেইগৰাকী ব্যক্তিয়ে৷ মঙলবাৰে দুপৰীয়া নিমাই চৰকাৰৰ সেই সকলো সপোন পূৰণ কৰিলে মাত্ৰ ১২০ টকাই৷ মাত্ৰ ১২০ টকাই ঘূৰালে ভাগ্যৰ চকা৷ ভাগ্যৰ চকা ১৮০ ডিগ্ৰীলৈ ঘূৰিব বুলি কোনোৱে ভৱা নাছিল৷ ১২০ টকাৰ টিকট কটাৰ আঁৰত কোটিপতি হোৱাৰ সপোন নাছিল নিমাইৰ৷ ভাৱিছিল কেনেবাকৈ সংসাৰখন স্বচ্ছল হওক৷ লটাৰী লোৱাৰ ২৪ ঘণ্টা পাছতেই কোটিপতি হৈ পৰিল নিমাই৷
নিমাইয়ে এই সন্দৰ্ভত কয়, কোটি টকা জয় কৰিম সপোনতো ভৱা নাছিলো৷ এই টকাৰে মই মোৰ কন্যাক পঢ়াব খোজো৷ তাই যাতে মানুহ হৈ উঠে, আমাৰ দৰে ৰাজমিস্ত্ৰিৰ কষ্ট কৰিব লগা নহয়, ভাল মানুহ হয় তাৰবাবে এই ধন খৰচ কৰিম৷’ এই ধনেৰে থকা ঘৰ এটা নিৰ্মাণ কৰিবলৈকো আগ্ৰহী নিমাই৷ অৱশ্যে লটাৰীত ১ কোটি টকা লাভ কৰি নিমাই যিমান সুখী তাতকৈয়ো তেওঁ সুৰক্ষাৰ বিষয়টোক লৈহে চিন্তিত হৈ পৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মোৰ সংসাৰ অভাৱৰ সংসাৰ৷ এই ধন হঠাত লাভ কৰি পৰিয়ালৰ আটাইকেইজন লোকেই খুব সুখী৷ মইয়ো সুখী কাৰণ পৰিয়ালৰ লোকসকল সুখী হৈছে৷ তথাপিও সুৰক্ষাজনিত কাৰণে চিন্তিত কৰিছে৷ এই ধনেৰে সন্তান দুটিক নিজৰ ভৰিত থিয় হ’ব পৰা কৰি দিব খুজিছো৷ আমাৰ পকী ঘৰ নাই ঘৰ এটা যেনেতেনে গঢ়িম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ