অসম লাইভ২৪ঃ ছিপাঝাৰৰ বামুণঝাৰত সংঘটিত হৈছে এক লজ্জানত ঘটনা।
অন্য সম্প্ৰদায়ে উদযাপন কৰা বিহু চাবলৈ যোৱাৰ আপৰাধত এঘৰীয়া কৰা হ’ল ২৫ ঘৰ লোকক৷
বিহুৱে সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমন্বয় সাধন কৰিছে, একতাৰ জৰিয়তে বৃহৎ অসমীয়া জাতিক এক কৰি ৰাখিছে বুলি দাবী কৰা এইখন অসমতে দেখা গৈছে বিপৰীত ছবি৷
কোচ সম্প্ৰদায়ে উদযাপন কৰা বিহু চাবলৈ যোৱা বাবে এঘৰীয়া কৰা হ’ল নাথ সম্প্ৰদায়ৰ ২৫ঘৰ মানুহক৷
এঘৰীয়া কৰা পৰিয়াল কেইটাক শাস্তি হিচাপে দাবী কৰা হৈছে ১০ হাজাৰকৈ টকাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ