দেৱীপক্ষ আৰম্ভ হ’বলৈ মাজতনো আৰু কিমান দিন? আকাশত শুকুলা মেঘ, উজ্বল ৰ’দ অথচ গৰম তেনেই কম৷ শেৱালীৰ সুবাস, নৈ পাৰত কহুঁৱা ফুল এই সুন্দৰ পৰিবেশৰ মাজতেই আগমণ দেৱী দুৰ্গাৰ৷ পূজাৰ চাৰিদিন আনন্দৰ শেষ নাই৷ দশভূজাৰ আৰাধনা কৰিবলৈ সাজু হৈ থাকে সকলো৷ দেৱীৰ দহ হাতত দহটা অস্ত্ৰ৷ কোনখন হাতত কি কি অস্ত্ৰ থাকে দেৱীৰ সেই কথা বহুতৰেই অজ্ঞাত৷ দেৱীৰক হাতত থকা অস্ত্ৰসমূহ কিন্তু দেৱীক উপহাৰ দিয়াহে৷ দেৱতাসকলে দেৱীক সেই বিশেষ অস্ত্ৰসমূহ প্ৰদান কৰিছিল৷ সেই অস্ত্ৰসমূহ কিহৰ প্ৰতীক? এই বিষয়টোক লৈ বহুতৰেই প্ৰশ্ন থাকে৷ দশঅস্ত্ৰৰ কথা ক’লে মহামায়াৰ আবিৰ্ভাৱৰ বিষয়ে জানিব লাগিব৷ কিয় আবিৰ্ভাৱ হৈছিল মা দূৰ্গাৰ?
মহিষাসুৰৰ অত্যাচাৰত দেৱকূল অতিষ্ঠ হৈ পৰিছিল৷ ফলত দেৱতাসকলে স্বৰ্গলোক ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ ইফালে ব্ৰহ্মাৰ বৰত কাৰ্যত অমৰত্ব লাভ কৰিছিল মহিষাসুৰে৷ তেওঁক একমাত্ৰ মহিলাইহে বধ কৰিব পাৰিব৷ তেতিয়াই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মিলিত তেজে সৃষ্টি কৰে মহামায়া দুৰ্গাৰ৷ দেৱীৰ আৱিৰ্ভাৱ হ’ল কিন্তু অসুৰৰ সৈতে যুদ্ধ কৰিবলৈ অস্ত্ৰৰ দৰকাৰ৷ সকলো দেৱতাই নিজৰ সেই অস্ত্ৰসমূহ তুলি দিয়ে মা দুৰ্গাৰ হাতত৷ দুৰ্গাক সজোৱা হ’ল সংহাৰৰূপিণী ৰূপে৷
কোন দেৱতাই কি অস্ত্ৰ দিছে?
ত্ৰিশূলঃ মহাদেৱে তেওঁৰ ত্ৰিশূল দিয়ে দেৱী অয়ন্তিকাক৷ ত্ৰিশূলৰ তিনিটা ফলাই তিনিটা গুণ বহন কৰে৷ তিনিটি ফলা হৈছে সত্ত্ব, ৰজঃ আৰু তমঃ৷ সত্ত্ব ধৰ্মজ্ঞানৰ প্ৰতীক৷ ৰজঃ ফলাটো অহংকাৰ আৰু তমঃই বহন কৰে অন্ধকাৰৰ দিশে৷ ত্ৰিশূল দিয়েই মহিষাসুৰক বধ কৰে দেৱীয়ে৷
সুদৰ্শন চক্ৰঃ মা দুৰ্গাত সুদৰ্শন চক্ৰ দিছিল ভগৱান বিষ্ণুৱে৷ এই চক্ৰই নিৰ্দেশ কৰে বিশ্ব নিয়ন্ত্ৰিত হয় দেৱীৰ দ্বাৰা আৰু ব্ৰহ্মাণ্ড আৱৰ্তিত হয় সৃষ্টিক কেন্দ্ৰ কৰি৷ ইয়াৰ সৈতে এই অস্ত্ৰ দৃঢ়তা আৰু সংহতিৰ প্ৰতীকো
শঙ্খঃ শঙ্খ হৈছে মঙলৰ প্ৰতীক৷ ইয়াৰ শব্দত স্বৰ্গ, মৰ্ত্য আৰু নৰক জুৰি থকা সকলো অশুভ শক্তি দুৰ্বল হৈ পৰে৷ দেৱী দুৰ্গাক শঙ্খ দিছিল বৰুণদেৱে৷
বজ্ৰঃ দেৱৰাজ ইন্দ্ৰই মা দুৰ্গাক বজ্ৰ অস্ত্ৰ দিছিল৷ বজ্ৰ আত্মশক্তিৰ প্ৰতীক৷ মেঘৰ ঘৰ্ষণত বজ্ৰশক্তিৰ দৰে তেজ উৎপন্ন হয়৷ তেতিয়াই আত্মশক্তি তৈয়াৰ হয় কৰ্মৰ পৰা৷ সেই প্ৰতীকেই বহন কৰে বজ্ৰ৷
গদাঃ যমৰাজে দেৱী দুৰ্গাক দিছিল গদা৷ যাক কালদণ্ড নামেৰেও জনা যায়৷ এই অস্ত্ৰ আনুগত্য, ভালপোৱা আৰু ভক্তিৰ প্ৰতীক৷ ইয়াৰ সৈতে শক্তিৰো প্ৰতীক৷
তিৰ বা ধনুঃ দুৰ্গাক তিৰ বা ধনু দিছিল সূৰ্যদেৱে৷ ধনুৱে মক্ষমতাক নিৰ্দেশ কৰে৷ তিৰ গতীময়তাৰ প্ৰতীক৷ তিৰ ধনুৱে বুজাই যে মা দুৰ্গা ব্ৰহ্মাণ্ডৰ শক্তিৰ উৎস৷
পদ্মঃ দেৱী দুৰ্গাক পদ্ম দিছিল সৃষ্টিকৰ্তা ব্ৰহ্মদেৱে৷ অৰ্ধস্ফুট পদুম শুভ চেতনাৰ প্ৰতীক৷ দেৱীৰ আশীৰ্বাদত অন্ধকাৰ দূৰ হৈ পোহৰৰ সঞ্চাৰ হয়৷ সেই শুভশক্তিৰ বাৰ্তা দিয়ে পদুমফুলে৷
সৰ্পঃ নাগৰাজ বা শেষনাগে অস্ত্ৰ হিচাপে সৰ্প প্ৰদান কৰিছিল৷ সৰ্প হৈছে চেতনা আৰু শক্তিৰ প্ৰতীক৷ সাধনাৰ মাধ্যমেৰে উচ্চস্তৰত উপস্থিত হ’ব পাৰে৷ এই প্ৰতীক বহন কৰে সৰ্পই৷
কুঠাৰঃ কুঠাৰ হ’ল অশুভ শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ প্ৰতীক৷ যি কোনো পৰিস্থিতিত ভয় নকৰাটোৱে বুজায় কুঠাৰে৷
অচিঃ অচি গণেশৰ অস্ত্ৰ৷ গণেশে দেৱীক প্ৰদান কৰিছিল এই অস্ত্ৰ৷ ইয়াৰ অৰ্থ জ্ঞান৷ ই ধীৰশক্তিৰ প্ৰতীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ