প্ৰবীণ নাগৰিকসকলৰ বাবে থকা আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ আয়ুষ্মান ভাৰতৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত এইবাৰ ৭০ বছৰ কিংবা তাতোকৈ বেছি বয়সীয়াল লোকে বছৰত প্ৰায় ৫লাখ টকাকৈ স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব৷ ইয়াৰফলত দেশৰ ৬ কোটি প্ৰবীণ নাগৰিক উপকৃত হ’ব৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছতেই বিবৃতিযোগে এই কথা জনোৱা হৈছে৷
বিগত সময়চোৱাত কোনো পৰিয়ালত আয়ুষ্মান ভাৰতৰ অধীনত বছৰত ৫লাখ টকাৰ স্বাস্থ্য বীমা পোৱা গৈছিল৷ এতিয়া কেন্দ্ৰৰ তৰফৰ পৰা দিয়া বিবৃত্তিত কোৱা হৈছে যে আৰ্থ সামাজিক অৱস্থা যিয়েই নহওক কিয় দেশৰ সমস্ত প্ৰবীণ নাগৰিকে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা পাব৷ তেওঁলোকক আকৌ পৃথককৈ কাৰ্ড দিয়া হ’ব৷
আয়ুষ্মান ভাৰত প্ৰকল্পৰ অধীনত কোনো পৰিয়ালে বছৰি ৫লাখ টকাৰ স্বাস্থ্য বিমা পায়৷ ৭০ কিংবা তাতকৈ বেছি বয়সীয়াল কোনো ব্যক্তিয়ে এতিয়া পৰিয়ালত আয়ুষ্মান কাৰ্ড থাকিলেও পৃথককৈ আন এখন আয়ুস্মান কাৰ্ড লাভ কৰিব৷ আৰু সেই কাৰ্ডৰ পৰা তেওঁ বছৰি ৫লাখ টকাৰ স্বাস্থ্য বিমা পাব৷ ৭০ বছৰতকৈ কম বয়সৰ ব্যক্তিয়ে এই বীমাৰ সুযোগ অৱশ্যে লাভ নকৰিব৷ এইক্ষেত্ৰত এটা পৰিয়ালৰ কোনো প্ৰবীণ ব্যক্তি থাকিলে তেওঁ ৫লাখ টকা আৰু বাকিসকলেও ৫লাখ টকাকৈ স্বাস্থ্য বীমা লাভ কৰিব৷
যদি প্ৰবীণ ব্যক্তিগৰাকীৰ কোনো চৰকাৰী স্বাস্থ্য বীমা যেনে চেন্ট্ৰেল গভৰ্ণমেণ্ট হেলথ স্কিম, আয়ুষ্মান চেন্ট্ৰেল আৰ্মড পুলিছ ফৰ্ছ কিংবা এক্স ছাৰ্ভিছমেন কনট্ৰিবিউটৰি হেলথ স্কিমৰ আওতাত থাকিব, তাৰপৰা তেওঁ নিজৰ পছন্দ বাছি ল’ব পাৰে৷ কোনোৱে বেচৰকাৰী স্বাস্থ্য বীমা কৰোৱালে তেওঁ আয়ুষ্মান ভাৰত স্বাস্থ্য বীমাৰ সুবিধা পাব৷
উল্লেখ্য যে চলিত বছৰৰ এপ্ৰিলৰ পৰাই ৭০ কিংবা তাতকৈ বেছি বয়সীয়া ব্যক্তিৰ বাবে এই স্বাস্থ্য বীমাৰ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে৷ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছতেই এক্স হেণ্ডেলত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে, ৬কোটি মানুহে ইয়াৰ সুবিধা লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ