• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?

‘এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?

2 years ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

8 minutes ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

25 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

42 minutes ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

1 hour ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

1 hour ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

2 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

2 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

3 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

3 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

4 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

4 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?

editor by editor
November 26, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
‘এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে, এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’ আত্মবিশ্বাসী সুৰংগ বিশেষজ্ঞ ডিক্সৰ হাততেই নেকি ৪১ শ্ৰমিকৰ ভাগ্য?
0
SHARES
642
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰকাশীৰ সুৰংগত বিগত ১৪ দিন ধৰি আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। উদ্ধাৰৰ বাবে কোনো উপায়েই এতিয়ালৈকে ফলপ্ৰসু হোৱা নাই। বাৰে বাৰে ব্যাহত হৈছে উদ্ধাৰকাৰ্য। কেতিয়া তেওঁলোকক উলিয়াব পৰা হ’ব সেই প্ৰশ্নৰ উত্তৰ কোনোৱেই দিব পৰা নাই। এদিন দুদিনকৈ আজি ১৪ দিন। এতিয়াও বিকল অত্যাধুনিক যন্ত্ৰ। আমেৰিকাত তৈয়াৰী অত্যাধুনিক যন্ত্ৰ এইবাৰ ভাঙি পৰিছে। এই যন্ত্ৰ যে নতুনকৈ মেৰামতি কৰিব পৰা যাব তাৰো কোনো উপায় নাই। অন্য পন্থা লোৱাৰ বাবে উদ্ধাৰকাৰী দলৰ হাতত নাই আন কোনো বিকল্প।

উত্তৰকাশীৰ শ্ৰমিকক উদ্ধাৰৰ বাবে লাগি থকা দলটোৰেই এজন ব্যক্তি বাৰে বাৰ বন্দী হৈছে সংবাদমাধ্যমৰ কেমেৰাত। তেওঁ আৰ্নল্ড ডিক্স। উদ্ধাৰকাম এতিয়াও কিমান বাকী? কিমান দিনৰ পাছত শ্ৰমিকক বাহিৰলৈ আনিব পৰা যাব? নে উদ্ধাৰৰ আশা একেবাৰেই ক্ষীণ সকলোবোৰ তথ্য তেওঁৰ মন্তব্যৰ পৰাই দেশবাসীয়ে লাভ কৰিছে। আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ ডিক্সেই এতিয়া সকলোৰে শেষ ভৰসা।

ডিক্সৰ তত্ত্বাবধানতেই উদ্ধাৰকাৰী দলে কাম কৰি আছে। এই উদ্ধাৰকাৰ্যত জড়িত হৈ আছে পাঁচটাকৈ সংস্থা। অএনজিছি, এছ জেভি এন এল, আৰ ভি এন এল, এম এইছ আই ডচিএল আৰু টি এইছ ডি ছি এল। এই সংস্থাসমূহৰ সৈতে কথাবতৰা পতা নতুবা যুঁটিয়াভাৱে কাম কৰাৰ ক্ষেত্ৰত সমন্বয় গঢ়ি তোলা সকলোবোৰ কামেই ডিক্সে কৰি আছে। উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ তন্ন তন্নকৈ নিৰীক্ষণৰ আঁৰত থকা এই ডিক্স কোন? কোনে আনিলে ডিক্সক?

ডিক্স অষ্ট্ৰেলিয়াৰ বাসিন্দা। সুৰংগ বিশেষজ্ঞ হিচাপে বিশ্বজুৰি খ্যাতি আছে ডিক্সৰ। পৃথিৱীৰ যি কোনো প্ৰান্ততেই সুৰংগৰ যিয়েই বিপদ নাহক কিয় ডিক্সেই সকলোৰে ভৰসা। য’তেই সুৰংগ বিপদ নাহক কিয় তাতেই সদলবলে ডিক্স হাজিৰ হয়। ডিক্সৰ হাতৰ পৰা কোনো কামত বিফলতা নাহে বুলি বিশ্ববাসীৰেই বিশ্বাস। কাৰণ সফলতা নহা পৰ্যন্ত কোনো কামত হাৰ নামানে ডিক্সে। উত্তৰকাশীৰ সুৰংগ খান্দি ৪১ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে ডিক্সে।

ডিক্সক বিশ্বৰ শ্ৰেষ্ঠ সুৰংগ বিশেষজ্ঞ বুলি কোৱাৰ আঁৰত আছে কেইবাটাও কাৰণ। ডিক্সে মাটিৰ তলৰ সকলো সমস্যাই সমাধান কৰিব পাৰে। তেওঁ বিশেষকৈ সকলোৰে বিশ্বাসৰ পাত্ৰ হৈছিল এটা সুৰংগৰ ভিতৰত লগা জুই নিৰ্বাপন কৰি। কোনো সুৰংগত কাম কৰি থাকোতে কেনেবাকৈ জুই লাগিলে কেনেকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰি? কেনেকৈ শ্ৰমিকক উদ্ধাৰ কৰিব পাৰি এই সকলোবোৰতেই ডিক্স পাকৈত। এই কামৰ বাবেই বিশ্বৰ কেইবাখনো মহাদেশ ফুৰিছে ডিক্সে। উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগৰ কাষত উপস্থিত হৈয়েই প্ৰথমে কেনেকৈ কি চলি আছে সকলোবোৰ বুজ লয়। তাৰপিছতেই ডিক্সে আগবঢ়াইছে পৰামৰ্শ।

সংবাদমাধ্যমক প্ৰথমৰ পৰাই ইতিবাচক বাৰ্তাই দি আছে ডিক্সে। তেওঁ বাৰে বাৰে কৈছে, ‘শ্ৰমিকসকল নিৰাপদে আছে। তেওঁলোক সুৰক্ষিত হৈ আছে। শীঘ্ৰেই আমি বাহিৰলৈ আনিম। কিন্তু তাৰবাৰে কোনকেইটা বিষয়ত সতৰ্ক হ’ব লাগিব? সেই পৰামৰ্শও ডিক্সে দি আছে। শুকুৰবাৰে অত্যাধুনিক খনন যন্ত্ৰ বিকল হৈ যোৱাৰ পাছতেই সংবাদ সংস্থা পিটিআইৰ আগত ডিক্সে কয়, ‘এইবাৰ বেছিকৈ সাৱধান হ’ব লাগিব। সুৰংগৰ নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সকলো পৰিসেৱা থকাটো খুবেই জৰুৰী।’

এইখিনিতে ডিক্সৰ কামৰ ইতিহাস যদি চোৱা যায় তেন্তে, বিশ্বৰ দৰবাৰত বাৰে বাৰে তেওঁ প্রশংসিত হৈছে। ২০১১ চনত এলান নেলাণ্ড অষ্ট্ৰেলিয়ান টানেলিং ছচাইটিৰ দ্বিবাৰ্ষিক পুৰস্কাৰৰ মঞ্চত পুৰস্কৃত হৈছিল। ২০২২ চনত আমেৰিকাৰ পৰা বিশেষ সুৰংগ বিশেষজ্ঞৰ স্বীকৃতি লাভ কৰে ডিক্সে। আমেৰিকাৰ নেশ্ব্যনেল ফায়াৰ প্ৰটেকছন এছোছিয়েছন কমিটিৰ ছাৰ্ভিছ এৱাৰ্ডো লাভ কৰিছে ডিক্সে। ডিক্স পূৰ্বে পেছাত এজন অধিবক্তা আছিল। তেওঁ ব্ৰিটিছ ইনষ্টিটিউট অৱ ইনভেষ্টিগেটৰ্ছৰ অন্যতম সদস্য। কেৱল এয়াই নহয় ডিক্সে এসময়ত অধ্যাপনাও কৰিছিল। টকিঅ’ ছিটি বিশ্ববিদ্যালয়ত ইঞ্জিনীয়াৰিং বিভাগত সুৰংগ সংক্ৰান্তীয় বিষয় পঢ়োৱাইছিল ডিক্সে। এতিয়াও মাজে মাজে ডিক্সে ক্লাছ কৰিবলৈকে টকিঅ’ ইউনিভাৰ্ছিটিলৈ আমন্ত্ৰণ লাভ কৰে।

আইন, প্ৰযুক্তি, ভূতত্ত্ব, প্ৰভৃতি বিভিন্ন দিশৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী ডিক্স। তদন্তকাৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু মধ্যস্থতাকাৰী হিচাপেও তেওঁ কাম কৰি আছে। বিশ্বৰ নানান প্ৰান্তত প্ৰতিনিয়ত কামৰ বাবে ঘূৰি ফুৰে ডিক্স। কিন্তু এইবাৰ ডিক্সৰ সন্মুখতো বৃহৎ প্ৰত্যাহ্বান। উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰকাৰ্য সহজ নহয়। সকলোপ্ৰকাৰেই ডিক্সে ৪১ শ্ৰমিকক বাহিৰলৈ উলিয়াবলৈ চেষ্টা চলাই আছে যদিও যন্ত্ৰ বাৰে বাৰে বিকল হোৱাটোৱে তেওঁক কিছু চিন্তিতও কৰাইছে। তথাপিও ডিঙিত আত্মবিশ্বাসৰ সুৰ। কথা এতিয়াও সম্পূৰ্ণ ইতিবাচক। আচলতে উদ্ধাৰকাৰী দলটোৰ বাবে তেওঁৰ এটা এটা বাক্যই সাহস।

ডিক্সে বাৰে বাৰে এটাই কথা কৈছে ‘দেৰী হ’ব পাৰে কিন্তু অসাধ্য নহয়। সুৰংগৰ পৰা আমি আটাইকেইজনকেই বাহিৰলৈ আনিম। এই কথাত আপোনালোকে সন্দেহ নাৰাখিব। এটা পথ বন্ধ হ’লে সদায়ে মানুহৰ হাতত বিকল্প পথৰ দুৱাৰ খোল খায়। উত্তৰকাশীত নিৰন্তৰে কাম কৰি থকাসকললৈ ছ্যেলুট। আমি পাৰিম। পাৰিব লাগিবই।’ শেষৰটো মন্তব্যত ডিক্সে কৈছে, ‘ইয়াত সকলোৱে মনপূতে কাম কৰি আছে। আশা কৰিছো, অতি শীঘ্ৰেই আমি ভাল খবৰ দিম। এই পাহাৰে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে। আমি এই পাহাৰক প্ৰত্যাহ্বান জনাই ৪১ শ্ৰমিকক বাহিৰলৈ আনিম।’

সকলোৱে এতিয়া ডিক্সৰ সাহসতেই আগবাঢ়িছে। উত্তৰকাশী ৪১গৰাকী শ্ৰমিকৰ ভাগ্য ডিক্সৰ হাতত। তেওঁৰ অভিজ্ঞতা, পৰামৰ্শৰ ওপৰতেই সম্পূৰ্ণ ভৰসা অন্যান্য উদ্ধাৰকাৰী দলৰ। সকলোৰে হাতত ধৰি অষ্ট্ৰেলিয়ান প্ৰৌঢ়ই এইবাৰ আকৌ দেখুৱাইছে আশাৰ কিৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
Next Post
২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

২২ বছৰ বয়সতে PhD ডিগ্ৰী লাভ কৰা কোন এইগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ভাৰতীয় ছাত্ৰী?

২২ বছৰ বয়সতে PhD ডিগ্ৰী লাভ কৰা কোন এইগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ভাৰতীয় ছাত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.