‘ফাল্টু হয় কুম্ভ’- দিল্লী ঘটনাৰ পাছতে মহাকুম্ভক ফাল্টু আখ্যা লালু প্ৰসাদ য়াদৱৰ
ৰাজধানী দিল্লীৰ নতুন দিল্লীৰ ৰেলৱে ষ্টেছনত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাত ১৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱা ঘটনাই বৰ্তমানে দেশজুৰি শোকৰ লহৰ তুলিছে। মহাকুম্ভ মেলা বুলি এইদৰে ষ্টেছনত ভিৰ হৈছিল বহু লোকৰ। যাৰ বাবেই পদপিষ্ট গৈ প্ৰাণ হেৰুৱাই শিশু-মহিলাসহ ১৮ গৰাকী লোকে।
এই ঘটনা সন্দৰ্ভতেই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৰে দিয়া এক মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। এক বিতৰ্কিত মন্তব্য দিছে লালু প্ৰসাদ য়াদৱে। তেখেতে কৈছে – ‘ফাল্টু হয় মহাকুম্ভ’।
আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে ৰে’ল প্ৰশাসনকো তীব্ৰ সমালোচনা কৰে। তেওঁ এই ঘটনাক “প্ৰশাসনৰ ডাঙৰ ব্যৰ্থতা” বুলি অভিহিত কৰি ৰে’ল মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী জনায়। মহাকুম্ভৰ বিষয়ে যেতিয়া তেওঁক প্ৰশ্ন সোধা হৈছিল, তেতিয়া লালু প্ৰসাদে ইয়াক অসাৰ বুলি অভিহিত কৰিছিল, যাৰ ফলতেই বিতৰ্কৰ সৃষ্টি হৈছে।
লালু যাদৱে লগতে ইয়াকো কয় যে, ‘এয়া অতি দুখজনক ঘটনা। নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ৰেলৱেৰ গাফিলতিৰ বাবে ইমানবোৰ প্ৰাণ হেৰুওৱা হ’ল। ইয়াৰ বাবে ৰে’ল মন্ত্ৰীয়ে সম্পূৰ্ণ দায়িত্ব ল’ব লাগে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ