অসম লাইভ ২৪ঃ বর্তমান সকলোতকৈ জনপ্ৰিয় সামাজিক মাধ্যমৰ ভিতৰত ফে’চবুক হৈছে অন্যতম। বিশ্বত ফে’চবুক ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। ইয়াত ব্যৱহাৰকাৰীয়ে বেছিভাগ সময় নিজৰ অনলাইন বন্ধু তথা অন্যান্য ক্ৰিয়াকলাপৰ সৈতে ব্যয় কৰে। কিন্তু কিছুমান এনেকুৱা লোক আছে যে আপোনাৰ প্ৰ’ফাইল খুচুৰি থাকে। কিন্তু আপোনাৰ ফে’চবুক প্ৰফাই কোনে খুচুৰিছে, সেই কথা জানিবলৈ ফে’চবুকত কোনো প্ৰত্যক্ষ সুবিধা নাই যদিও এক বিশেষ প্ৰক্ৰিয়াৰে জানিব পাৰি। সেয়েহে শেহতীয়াভাৱে আপোনাৰ ফেচবুক প্ৰ’ফাইল কোনে খুচুৰিছে জানিবলৈ এইকেইটা সহজ নিয়ম পালন কৰক। প্ৰথমতে আপুনি আপোনাৰ ফে’চবুক ম’বাইলৰ পৰিৱর্তে ডেস্কটপ বা লেপটপত লগিং কৰক। তাৰ পাছত আপোনাৰ টাইমলাইনলৈ যাওক। তাৰ পাছত আপোনাৰ কী-বোর্ডত Ctrl+U টিপক। টিপাৰ পিছতে আপোনাৰ টাইমলাইনত বহু আখৰ দেখিবলৈ পাব। এতিয়া Ctrl+F টিপক। টিপাৰ পিছতে সোঁফালে ওপৰত এটা সৰু বক্স দেখা পাব। এতিয়া তাত আপুনি BUDDY_ID বুলি টাইপ কৰি ENTER টিপক। ইয়াৰ লগে লগে আপুনি দেখিবলৈ পাব বহুত BUDDY_ID. আইডিবোৰৰ ওপৰত হালধীয়া ৰং এটি থাকিব। আৰু BUDDY_ID বোৰৰ কাষত দেখিবলৈ পাব ১৫টা সংখ্যাৰ এটি নম্বৰ। এই নম্বৰবোৰ হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোকৰ আইডি নম্বৰ। এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে) COPY কৰক। তাৰ পিছত New Tab এটা লৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক। এতিয়া যিজন লোকৰ ফে’চবুক প্ৰ’ফাইল খোল খাই সেইজনেই আপোনাৰ প্ৰ’ফাইল খুচুৰা মানুহ। এতিয়া অন্য এটা BUDDY_ID COPY কৰি পুনৰ একে নিয়মেৰে Paste কৰক। এনেদেৰে যিমান BUDDY_ID নম্বৰ দেখিবলৈ পাব, সেইবোৰেই হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ